তাজ ভিভাণ্টাত ৩০ ছেপ্তেম্বৰত ফেশ্যন-লাইফষ্টাইলৰ বিশেষ প্ৰদৰ্শনী

তাজ ভিভাণ্টাত ৩০ ছেপ্তেম্বৰত ফেশ্যন-লাইফষ্টাইলৰ বিশেষ প্ৰদৰ্শনী

author-image
asomiyapratidin
New Update
তাজ ভিভাণ্টাত ৩০ ছেপ্তেম্বৰত ফেশ্যন-লাইফষ্টাইলৰ বিশেষ প্ৰদৰ্শনী

ফাইল ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ ফেশ্যন আৰু লাইফষ্টাইলৰ ক্ষেত্ৰখনত একাধিক গুৰুত্বপূৰ্ণ কাম কৰি অহা আগশাৰীৰ প্ৰতিষ্ঠান ষ্টইক মাৰ্কেটিং ছলিউশ্যনে চতুৰ্থবাৰৰ বাবে আয়োজন কৰিছে স্মাৰ্টিছেনছ শীৰ্ষক বিশেষ প্ৰদৰ্শনী। অহা ৩০ ছেপ্তেম্বৰত তাজ ভিভাণ্টাত অনুষ্ঠিত এই প্ৰদৰ্শনী।

দিনৰ ১১ বজাৰ পৰা নিশা ৮ বজালৈ চলিবলগীয়া 'দ্য স্মাৰ্টিছেনছ ছিজন-৪'ত ভাগ ল'ব উত্তৰ-পূবৰ কেউখন ৰাজ্যৰ একাধিক ব্যৱসায়িক প্ৰতিষ্ঠানে।
উক্ত প্ৰতিষ্ঠানসমূহে নিজাববীয়াকৈ প্ৰস্তুত কৰা ফেশ্যন আৰু লাইফষ্টাইলৰ বিভিন্ন সা-সামগ্ৰী দ্য স্মাৰ্টিছেনছত প্ৰদৰ্শন কৰা হ'ব।

এনে সামগ্ৰীসমূহৰ ভিতৰত আছে সাজপাৰ, বেগ আদি। হস্তনিৰ্মিত বিভিন্ন আকৰ্ষণীয় সামগ্ৰীয়েও প্ৰদৰ্শনীখনত ঠাই পাব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। উত্তৰ-পূবৰ পৰা বিদেশলৈ ৰপ্তানি হোৱা বিভিন্ন বিলাসী সাজ-সজ্জাৰ সামগ্ৰীয়ো উপলব্ধ হ'ব দ্য স্মাৰ্টিছেনছত।

উল্লেখ্য যে, অঞ্চলটোৰ ফেশ্যন আৰু লাইফষ্টাইলৰ সৈতে জড়িত ব্যৱসায়িক প্ৰতিষ্ঠান তথা থলুৱা উদ্যোগীসকলক আন্তঃৰাষ্ট্ৰীয় মানৰ প্লেটফৰ্ম প্ৰদানৰ বাবে যোৱা ৩বছৰ ধৰি এই প্ৰদৰ্শনী অনুষ্ঠিত কৰি আহিছে এছ এম ছলিউশ্যনে।