/asomiyapratidin/media/media_files/2024/11/15/8u45OkcHqkWFKiJv2gn4.jpg)
ডিজিটেল ডেস্কঃ ভাৰতত বৰ্তমান ৫৫ মিলিয়ন ক্ৰেডিট কাৰ্ডৰগৰাকী আছে। ১০ বছৰ পূৰ্বে এই সংখ্যা আছিল মাত্ৰ ১৫ ৰ পৰা ১৬ মিলিয়ন। এটা দশকতে প্ৰায় ৪৫ মিলিয়ন ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰী বৃদ্ধি পালে।
এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই তথ্য দিছে মাষ্টাৰ কাৰ্ড এছিয়া পেছিফিকৰ সভাপতি আৰি সৰকাৰে। মাষ্টাৰকাৰ্ড, এম্বেচী গ্ৰুপ আৰু ব্ৰুকফিল্ডৰ শীৰ্ষ ব্যৱসায়ৰ শীৰ্ষ নেতৃত্বই ভাৰতৰ অৰ্থনৈতিক বিকাশ, ভৌতিক আৰু ডিজিটেল আন্তঃগাঁথনিৰ সমন্বয়, বিশ্ব বজাৰত এক শক্তি হোৱাৰ সম্ভাৱনাৰ বিষয়ে কৰা আলোচনাত সৰকাৰে ক্ৰেডিট কাৰ্ড সন্দৰ্ভত এই তথ্য প্ৰদান কৰিছে।
তেওঁ কয়, ভাৰতত উপভোক্তাৰ পৰিৱৰ্তনৰ প্ৰতিফলন হিচাৰে মাষ্টাৰকাৰ্ডৰ উপস্থিতি বৃদ্ধি পাইছে। ডিজিটেল বিকাশৰ বাবে ভৌতিক আন্তঃগাঁথনিৰ ওপৰত আলোকপাত কৰি তেওঁ পুনৰ কয়, ভৌতিক আন্তঃগাঁথনি অবিহনে ডিজিটেল আন্তঃগাঁথনি সম্ভৱ নহয়। ইয়াৰ বাবে বিলিয়ন ডলাৰৰ দৃঢ় আন্তঃগাঁথনিৰ প্ৰয়োজন।
এম্বেচী গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক জিতু ভিৰৱানীয়ে ভাৰত বিশ্বজুৰি বিভিন্ন সংস্থাৰ বাবে কিয় আকৰ্ষণৰ কাৰণ হৈ পৰিছে সেই বিষয়ে উল্লেখ কৰে। তেওঁ কয়, ইয়াত মানুহে ইংৰাজী কয় আৰু ইংৰাজী ভাবে। এয়া বিদেশী কোম্পানীৰ বাবে এক ডাঙৰ সুবিধা।
তেওঁ লগতে কয় যে, ভাৰতৰ কৰ্পোৰেট পাৰ্কত বিদেশীসকলৰ প্ৰথম প্ৰতিক্ৰিয়া অবিশ্বাস্য আছিল। তেওঁলোকে ইয়াক এটা এনিমেটেড ভিডিঅ বুলিয়েই ভাবিছিল।
ব্ৰুকফিল্ডৰ মেনেজিং পাৰ্টনাৰ অঙ্কুৰ গুপ্তই কয়, ভাৰত এতিয়া কেৱল এখন খৰচ হ্ৰাস কৰা দেশ নহয়। ভাৰত এতিয়া এক কৌশলী খেলুৱৈলৈ ৰূপান্তৰিত হৈছে। তেওঁ কয়, ভাৰত এতিয়া বিশ্ব অৰ্থনৈতিক ব্যৱস্থাৰ অংশ। ভাৰত ৩.৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি আৰু প্ৰতি পাঁচ বছৰত ই দুগুণ হৈছে।
তেওঁ ভাৰতৰ নৱীকৰণযোগ্য শক্তি যেনে সৌৰ শক্তিৰ কথা উল্লেখ কৰি কয়, ভাৰত ২০৪৭ চমৰ ভিতৰত বিশ্বৰ আটাইতকৈ সেউজীয়া দেশ হৈ পৰিব। মই আচৰিত নহও যদিহে ভাৰতে কাৰ্বন নিৰ্গমণ শূন্যত উপনীত হয়।