বন্ধ হ’ব এনাৰ্জি ড্ৰিংক!

বন্ধ হ’ব এনাৰ্জি ড্ৰিংক!

author-image
asomiyapratidin
New Update
বন্ধ হ’ব এনাৰ্জি ড্ৰিংক!

ডিজিটেল ডেস্কঃ আপুনি বা আপোনাৰ বন্ধুবৰ্গসকলে নিশ্চয় এনাৰ্জি ড্ৰিংক সেৱন কৰে। কিন্তু এই এনাৰ্জি ড্ৰিংকসমূহ কেনেকৈ প্ৰস্তুত কৰা হয় বা ই আপোনাৰ স্বাস্থ্যত কেনেকৈ প্ৰভাৱ পেলাই আপুনি জানেনে?  এই প্ৰশ্নৰ উত্তৰ নিশ্চয় আপোনাৰ জ্ঞাত নহয়।

অতিমাত্ৰা ছুগাৰ আৰু কেফেইন ব্যৱহাৰেৰে প্ৰস্তুত কৰা হয় এই এনাৰ্জি ড্ৰিংকসমূহ। অতিমাত্ৰা ছুগাৰ-কেফেইনযুক্ত এই পানীয়সমূহ সেৱনৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় শিশুসকল। সেয়েহে এই মাৰাত্মক পানীয়বিধ শিশুক বিক্ৰী কৰা বন্ধ কৰিছে বৃটিছ চৰকাৰে।

ছুগাৰ আৰু কেফেইন অত্যাধিক মাত্ৰাত ব্যৱহাৰ কৰাৰ বাবে ই জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে তীব্র ভাবুকি। তৃষ্ণা নিবাৰণ তথা এনাৰ্জি লাভৰ বাবে এইবোৰ সেৱন কৰোতে আপোনাৰ শৰীৰত থিতাপি ল'ব পাৰে কিছুমান ৰোগে। প্ৰকাশিত খবৰ অনুসৰি ১৫০ মিলিগ্ৰামতকৈ অধিক কেফেইন ব্যৱহাৰ কৰা এনাৰ্জি ড্ৰিংকসমূহ বন্ধ কৰিছে বৃটিছ চৰকাৰে।

বৃটিছ প্ৰধানমন্ত্ৰী থেৰেছা মেৰ মতে, শীতল পানীয়ৰ তুলনাত এনাৰ্জি ড্ৰিংকৰ দাম যথেষ্ট কম, যাৰ বাবে এইবোৰ সেৱন কৰা লোকৰ সংখ্যাও বেছি। তেওঁৰ মতে ইউৰোপৰ বাকী দেশৰ তুলনাত ৫০% এনাৰ্জি ড্ৰিংক বেছিকৈ সেৱন কৰা হয় ইংলেণ্ডত। ইংলেণ্ডত এনাৰ্জি ড্ৰিংক বন্ধ হ'ব যদিও, স্কটলেণ্ড, উত্তৰ আয়াৰলেণ্ড আদিত এই এনাৰ্জি ড্ৰিংকসমূহ চলি থাকিব বুলিও জনায়।