মূল্যবৃদ্ধিৰ মাজতে সুখবৰ! পেট্ৰ’ল-ডিজেলত ৪০ টকালৈকে ৰেহাই

মূল্যবৃদ্ধিৰ মাজতে সুখবৰ! পেট্ৰ’ল-ডিজেলত ৪০ টকালৈকে ৰেহাই

author-image
asomiyapratidin
New Update
মূল্যবৃদ্ধিৰ মাজতে সুখবৰ! পেট্ৰ’ল-ডিজেলত ৪০ টকালৈকে ৰেহাই

ডিজিটেল ডেস্কঃ পেট্ৰল-ডিজেলৰ মূল্য এতিয়া আকাশলংঘী। সমগ্ৰ দেশত পেট্ৰল-ডিজেলৰ মুল্যবৃদ্ধিক লৈ দল সংগঠনে ৰূপায়ণ কৰিছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী। সকলো প্ৰতিবাদ অসাৰ প্ৰতিপন্ন কৰি দিনক দিনে বৃদ্ধি পাইছে পেট্ৰল-ডিজেলৰ মূল্য।

ইয়াৰ মাজতে, শেহতীয়াকৈ আহিছে এটা সুখবৰ। আপুনি বজাৰৰ প্ৰচলিত দামতকৈ ৪০ টকা কমকৈ ক্ৰয় কৰিব পাৰিব পেট্ৰ'ল-ডিজেল। ১০০ টকাতকৈ অধিক পেট্ৰ'ল-ডিজেল ক্ৰয় কৰিলে আপুনি পাব এই ৪০ টকাৰ ৰেহাই। ৩০ ছেপ্তেম্বৰ ২০১৮ লৈকে থকা এই অফাৰ প্ৰদান কৰিছে ইণ্ডিয়ান অইলে।

আচলতে এই অফাৰ প্ৰযোজ্য হৈছে 'ডিজিটেল ৱালেট ফোন পে' এপত। বাহনত পেট্ৰ'ল ভৰাই পেট্ৰ'ল পাম্পত নগদ ধন দিয়াৰ পৰিৰ্ৱতে এই এপৰ জৰিয়তে পৰিশোধ কৰিলে আপুনি লাভ কৰিব পাৰিব এই ৰেহাই। ইণ্ডিয়ান অইলে জানিবলৈ দিয়া মতে এই ৰেহাই ১০ বাৰলৈকেহে ১০০ টকাতকৈ অধিক পেট্ৰল ক্ৰয় কৰিলে লাভ কৰিব।

১০ বাৰ এই এপেৰে পেট্ৰ'ল ক্ৰয় কৰাৰ পাছত উপভোগ কৰিব নোৱাৰিব এই ৰেহাই। গ্ৰাহকসকলে এটা দিনত এবাৰহে লাভ কৰিব পাৰিব এই ৪০ টকাৰ ৰেহাই।

দেশৰ সকলো পাম্পতে এই সুবিধা উপলদ্ধ হৈছেনে নাই এই সৰ্ম্পকে ইণ্ডিয়ান অইলে ৰাজহুৱা কৰা নাই যদিও কিছু সূত্ৰই দাবী কৰিছে যে দেশৰ প্ৰতিতো পাম্পতে উপলদ্ধ আছে এই সুবিধা। দেশৰ জনগণক কোঙা কৰা পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ইণ্ডিয়ান অইলৰ ডিজিটেল ৰেহাই প্ৰদানে কিছু সকাহ দিছে জনগণক।