/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/Bank-1-621x414.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ একত্ৰিত হ'ব দেশৰ ৩টাকৈ আগশাৰীৰ বেংক। বিত্ত মন্ত্ৰণালয়ে সোমবাৰে ঘোষণা কৰিছে এই কথা। বেংকি ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা পদক্ষেপৰ অংশ হিচাপেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে বিত্ত মন্ত্ৰণালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই।
চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে একত্ৰিত হ'বলগীয়া এই বেংক তিনিটা হৈছে ডেনা বেংক, বিজয়া বেংক আৰু বেংক অব বৰোডা। একত্ৰীকৰণৰ পিছতে দেশৰ এই তিনিটা বেংকৰ ফলত সৃষ্টি হোৱা বেংকটো হৈ পৰিব দেশৰ তৃতীয় বৃহত্তম বেংক।
একত্ৰীকৰণৰ ফলত তিনিওটা বেংকৰ কৰ্মচাৰীসকল শংকিত হোৱাৰ কোনো কাৰণ নাই বুলিও স্পষ্ট কৰি দিছে মন্ত্ৰণালয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ভাৰতীয় ষ্টেট বেংকৰ সৈতে মহিলা বেংককে ধৰি ৫টাকৈ বেংক চামিল কৰা হৈছিল।