দুবছৰৰ বাবে দিল্লীত নাপাব ভেট ৬৯, স্মাৰ্নঅফ

দুবছৰৰ বাবে দিল্লীত নাপাব ভেট ৬৯, স্মাৰ্নঅফ

author-image
asomiyapratidin
New Update
দুবছৰৰ বাবে দিল্লীত নাপাব ভেট ৬৯, স্মাৰ্নঅফ

ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰাপায়ীসকলৰ বাবে দুখবৰ। বিশেষকৈ সেই সকল সুৰাপায়ীৰ বাবে দুখবৰ যিসকল ভেট ৬৯ৰ প্ৰেমিক। কিয়নো অহা দুবছৰ দেশৰ ৰাজধানী চহৰখনৰ কোনো সুৰা বিপণীতে কিনিবলৈ পোৱা নাযাব ভেট ৬৯ আৰু স্মাৰ্নঅফ ভদকা।

ভুৱা বাৰকোড ব্যৱহাৰ কৰাৰ অভিযোগত ভেট ৬৯ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ইউনাইটেড স্পিৰিটছক ব্লেক লিষ্টেড ঘোষণা কৰিছে দিল্লী চৰকাৰে। এক নিৰ্দেশনাযোগে সমগ্ৰ দিল্লীত চৰকাৰে প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা সুৰা বিক্ৰীত দুবছৰৰ বাবে আৰোপ কৰিছে নিষেধাজ্ঞা।

উল্লেখ্য যে, ভুৱা বাৰকোড ব্যৱহাৰৰ অভিযোগত দিল্লীৰ আপ চৰকাৰে ইউনাইটেড স্পিৰিটছক ব্লেক লিষ্টেড ঘোষণা কৰাৰ পিছতে বিত্ত আয়োগ তথা আদালতৰ দ্বাৰস্থ হৈছিল প্ৰতিষ্ঠানটো। কিন্তু আয়োগ আৰু আদালতত মুখ ঠেকেছা খোৱাত এতিয়া দুবছৰ দিল্লীত প্ৰতিষ্ঠানটোৱে বিক্ৰী কৰিব নোৱাৰিব কোনো ব্ৰেণ্ড।

যোৱা ১৪ ছেপ্তেম্বৰত দিল্লীৰ বিত্ত আয়োগৰ তৰফৰ পৰা প্ৰতিষ্ঠানটোক পূৰ্বৰ দিল্লী চৰকাৰৰ আবকাৰী বিভাগৰ সিদ্ধান্তই বাহাল থাকিব বুলি স্পষ্ট কৰি দিয়ে। অনাগত দিনত এনে কাৰ্য নকৰিবলৈকো প্ৰতিষ্ঠানটোক কঠোৰ সকীয়নী প্ৰদান কৰে আয়োগে।