চীনত ছপাইছিল ভাৰতৰ ২০০০ টকীয়া নোট!

চীনত ছপাইছিল ভাৰতৰ ২০০০ টকীয়া নোট!

author-image
asomiyapratidin
New Update
বন্ধ হ’ব নেকি ২০০০টকীয়া নোট?

ডিজিটেল ডেস্কঃ দৈনন্দিন আপুনি ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী নিৰ্মাণৰ পাছত এইবাৰ চীনে ছপা কৰিছে আপোনাৰ জেপত থকা নোট খনো। অবৈধ উপায়েৰে নহয়, বৈধভাৱেই চীনে প্ৰস্তুত কৰিছে ভাৰতৰ নোট।

আচৰিত ধৰণে ভাৰতৰ বৰ্তমানৰ চৰকাৰেই চীনা প্ৰতিষ্ঠানক দিছে ভাৰতীয় নোট ছপা কৰাৰ কাম। দক্ষিণ চীনৰ মৰ্ণিং প'ষ্ট নামৰ সংবাদ পত্ৰখনত এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে গৰম হৈ পৰিছে দেশৰ ৰাজনীতি।

কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী শশী থাৰুৰে চৰকাৰ কটাক্ষ কৰি এই সম্পকত অৰুণ জেটলী আৰু পিয়ুজ গোৱেলৰ পৰা স্পষ্টীকৰণ বিচাৰি টুইটাৰ যোগে জনায় যে এই তথ্য যদিহে সত্য হয় তেন্তে দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাতো নিশ্চিত।

চীনা কাকতখনত প্ৰকাশিত বাতৰিটোত কোৱা হৈছে যে ভাৰত, নেপাল, বাংলাদেশ, মালয়েচিয়া আৰু থাইলেণ্ডৰ নোটো দেশখনত ছপা হৈ আহিছে। চীনৰ বেংক প্ৰিন্টিং কৰ্পোৰেশ্যন অধ্যক্ষ লিয়ু গুঝৌংগোৰ উধৃতি দি চীনত বিদেশী মুদ্ৰা ২০১৩ চনৰ পৰাই চপা হৈ আহিছে বুলি কোৱা হৈছে।

অধ্যক্ষজনে কাকতখনক দিয়া সাৎক্ষাকাৰত কৈছে যে প্ৰথমে নেপাল আৰু পিছৰ পৰ্যায়ত ভাৰত, বাংলাদেশ, শ্ৰীলংকা, মালয়েচিয়া, থাইলেণ্ড, ব্ৰাজিল, পোলেণ্ড আদি দেশসমূহে চীনত নোট চপা কৰি আহিছে। এই সম্পৰ্কে ভাৰত আৰু চীন চৰকাৰে কোনো স্পষ্টীকৰণ দিয়া নাই যদিও ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই উক্ত খবৰক ভিত্তিহীন আখ্যা দিছে।

ইফালে চীনা কাকতখনত এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে মাইক্ৰ ব্লগিং ছাইট টুইটাৰত বিষয়টোক লৈ তীব্ৰ চৰ্চা হোৱা দেখা গৈছে। বহুতে ২০০০ টকীয়া নোটো চীনতে ছপা কৰিছে বুলি টুইটযোগে মোদী চৰকাৰক কটাক্ষ কৰাও পৰিলক্ষিত হৈছে।