মধ্যভোগীৰ কবলত মানকাচৰৰ কাজু বাদামৰ বজাৰ

মধ্যভোগীৰ কবলত মানকাচৰৰ কাজু বাদামৰ বজাৰ

author-image
asomiyapratidin
New Update
মধ্যভোগীৰ কবলত মানকাচৰৰ কাজু বাদামৰ বজাৰ

ডিজিটেল ডেস্কঃ অসম-মেঘালয় সীমান্তৱৰ্তী মানকাচৰত কাজু খেতিয়কৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ছিণ্ডিকেটৰাজৰ বাবেই উচিত মূল্যৰ পৰা বঞ্চিত হবলগীয়া হৈছে এইসকল কাজু খেতিয়ক।

মাটি লীজত লৈ একাংশ খেতিয়কে কাজু খেতি কৰে যদিও তেওঁলোকে উপযুক্ত বজাৰ মূল্য নোপোৱাত স্থানীয় বজাৰতে প্ৰতি কেজি কাজুত ২০০-৩০০ টকাকৈ বিক্ৰী কৰিবলগীয়া হয়। মধ্যভোগীসকলে সেই সুযোগ গ্ৰহণ কৰি কাজুসমূহ সংগ্ৰহ কৰি আনি কেবাগুণো অধিক দামত বিক্ৰী কৰি মুনাফা আদায় কৰি আহিছে।

ইতিমধ্যে মানকাচৰত কেবাটাও পঞ্জীয়নভূক্ত কাজু কাৰখানা আছে যদিও এইসকল খেতিয়কে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। এচাম খেতিয়কে কষ্টৰে কাজু খেতি কৰি উচিত মূল্য নোপোৱাৰ বিপৰীতে আন এচামে কোনো ব্ৰেণ্ডৰ লেবেল লগাই চলাই আহিছে লুণ্ঠনৰাজ।

অঞ্চলটোত বছৰি ১০ কোটিৰো অধিক টকাৰ কাজু খেতি উৎপাদন হয় যদিও সেই অনুসৰি প্ৰসাৰিত হোৱা নাই স্থানীয় কাজু বাদামৰ বজাৰ।চৰকাৰে এই কাজু খেতিয়কসকলৰ প্ৰতি মন-কাণ নিদিয়া বাবেই সহজ-সৰল খেতিয়কক মধ্যভোগীয়ে দীৰ্ঘদিন ধৰি ঠগি আহিছে।

বজাৰত প্ৰতি কেজি কাজুৰ মূল্য ১০০০-১৫০০ টকা হয় যদিও কাজু উৎপাদনকাৰী কৃষকসকলে সেই অনুপাতে তেওঁলোকৰ মূল্য লাভ কৰা নাই। স্থানীয় কাজু খেতিয়কসকলে সেয়েহে কাজু খেতিৰ প্ৰতি চৰকাৰক গুৰুত্ব দিবলৈ আহ্বান জনাইছে।