/asomiyapratidin/media/media_files/2025/09/04/new-ap-web-3-17-2025-09-04-12-38-14.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে বুধবাৰে গৌণ উৎসৰ পৰা জটিল খনিজ পদাৰ্থ আহৰণ আৰু উৎপাদনৰ পুনঃব্যৱহাৰ ক্ষমতা বৃদ্ধিৰ বাবে ১৫০০ কোটি টকাৰ আঁচনিত অনুমোদন জনায়।
লক্ষ্যণীয় যে, এই আঁচনিখন বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ পৰা ২০৩০-৩১ বিত্তীয় বৰ্ষলৈকে চলিব। জৰুৰী খনিজ পদাৰ্থ পুনঃপ্ৰয়োগৰ বাবে এই গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
বিত্ত মন্ত্ৰালয়ৰ সূত্ৰ মতে, লিথিয়াম, ক’বাল্ট, নিকেল, ৰেয়াৰ অৰ্থ আদি খনিজ পুনঃপ্ৰয়োগ কৰি দেশীয় উৎপাদন বঢ়োৱা আৰু বিদেশী নিৰ্ভৰতা হ্ৰাস কৰাই এই আঁচনিৰ মূখ্য উদ্দেশ্য।
বিশ্লেষকসকলে ধাৰণা কৰিছে যে, এই আঁচনিৰ ফলত বৈদ্যুতিক গাড়ী, বেটাৰী উৎপাদন, নবীকৰণযোগ্য শক্তি খণ্ড আদি ক্ষেত্ৰ সুৰক্ষিত হ’ব। লগতে গ্ৰীণ অৰ্থনীতিৰ লক্ষ্যপূৰ্ণ কৰাৰ দিশেও এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।
চৰকাৰী সূত্ৰই জানিবলৈ দিছে, আঁচনিৰ জৰিয়তে পুনঃপ্ৰয়োগ কেন্দ্ৰ স্থাপন, উন্নত প্ৰযুক্তি ব্যৱহাৰ আৰু বেচৰকাৰি খণ্ডৰ অংশগ্ৰহণ নিশ্চিত কৰা হ’ব। অৰ্থনৈতিক দিশৰ পৰা ইয়াক দেশৰ খনিজ সুৰক্ষা আৰু স্থায়ী উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ বুলি গণ্য কৰা হৈছে।