যাত্ৰীক মাধমাৰ শোধাই ৩ অক্টোবৰৰ পৰা ৫০ শতাংশ বাছভাৰা বৃদ্ধিৰ ঘোষণা পৰিবহণ সন্থাৰ

যাত্ৰীক মাধমাৰ শোধাই ৩ অক্টোবৰৰ পৰা ৫০ শতাংশ বাছভাৰা বৃদ্ধিৰ ঘোষণা পৰিবহণ সন্থাৰ

author-image
asomiyapratidin
New Update
যাত্ৰীক মাধমাৰ শোধাই ৩ অক্টোবৰৰ পৰা ৫০ শতাংশ বাছভাৰা বৃদ্ধিৰ ঘোষণা পৰিবহণ সন্থাৰ

ডিজিটেল ডেস্কঃ অহা ৩ অক্টোবৰৰ পৰা বৃদ্ধি পাব পাৰে বাছৰ ভাৰা। কেৱল বাছেই নহয় মালবাহী সামগ্ৰী কঢ়িওৱা বাহনৰ ভাৰাও সেই দিনটোৰ পৰা বৃদ্ধি পাব। সদৌ অসম মটৰ পৰিবহণ সন্থাই অসম চৰকাৰৰ পৰিবহণ বিভাগৰ আয়ুক্তলৈ পত্ৰ প্ৰেৰণৰ পিছতে এই সম্ভাৱনাই দেখা দিছে।

শুকুৰবাৰে প্ৰেৰণ কৰা পত্ৰখনত সন্থাই স্পষ্ট কৰি দিছে যে ডিজেলৰ অত্যাধিক দাম বৃদ্ধিৰ বাবেই তেওঁলোকে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈ পৰিছে।পত্ৰখনত পৰিবহণ মন্ত্ৰীয়ে ভাৰাবৃদ্ধিৰ নিৰ্দেশনা জাৰি কৰিব বুলি আশ্বাস দিয়াৰ কথাও উনুকিয়াই দিছে সন্থাই।

যদিহে অহা ৩০ ছেপ্তেম্বৰৰ ভিতৰত চৰকাৰে ভাৰাবৃদ্ধিৰ কোনো নিৰ্দেশনা জাৰি কৰে তেন্তে সন্থাই নিজাববীয়াকৈ ৩ অক্টোবৰৰ পৰা ভাৰা বৃদ্ধি কৰিব বুলি স্পষ্ট কৰি দিছে। পত্ৰখনত সন্থাই ২০১২ চনত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৫০ টকা হোৱাৰ কথা উল্লেখ কৰি কৈছে যে এতিয়া ইয়াৰ দাম দুগুণ হৈ পৰালৈ চাই ভাৰাও ৫০শতাংশ পৰ্যন্ত বৃদ্ধি কৰাৰ বাদে তেওঁলোকৰ গত্যান্তৰ নাই।

এনে পৰিপ্ৰেক্ষিতত এতিয়া অহা সপ্তাহৰ পৰা চিটি বাছকে আদি কৰি ৰাজ্যৰ প্ৰতিটো পথতে চলাচল কৰা যাত্ৰীবাহী বাছৰ ভাৰা ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে অন্তিমবাৰ চৰকাৰী নিৰ্দেশনাযোগে বাছভাৰা বৃদ্ধি কৰা হৈছিল ২০১২ চনত। বাছভাৰা বৃদ্ধি কৰাৰ দাবীত চকা বন্ধ, হৰতাল আদিৰ দৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল বাছৰ মালিক-কৰ্মচাৰীসকলে। গুৱাহাটীৰ কেবাঠাইত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছিল। সময় থাকোতেই চৰকাৰ-প্ৰশাসনে বিষয়টো সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা হাতত নল'লে এইবাৰো তেনে ঘটনা সংঘটিত হ'ব পাৰে বুলি শংকা প্ৰকাশ কৰিছে সচেতনমহলে।