স্বাধীনতা দিৱসত BSNLৰ নতুন অফাৰ

স্বাধীনতা দিৱসত BSNLৰ নতুন অফাৰ

author-image
asomiyapratidin
New Update
স্বাধীনতা দিৱসত BSNLৰ নতুন অফাৰ

ডিজিটেল ডেস্কঃ BSNL-এ গ্ৰাহকৰ বাবে মুকলি কৰিছে এক নতুন অফাৰ। 'ফ্ৰীডম অফাৰ চোটা পেক' শীৰ্ষক এই অফাৰত প্ৰি-পেইড গ্ৰাহকসকলে ভইচ কল আৰু ডাটাৰ অতিৰিক্ত সুবিধা লাভ কৰিব।

৯ টকা আৰু ২২টকাৰ মূল্যত উপলব্ধ হ'ব এই অফাৰ। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি BSNL-এ এই  অফাৰ গ্ৰাহকলৈ আগবঢ়াইছে।

১০ আগষ্টৰ পৰা উপলব্ধ হ'ব এই অফাৰ। ৯টকীয়া ফ্ৰীডম অফাৰ চোটা পেকত BSNLৰ গ্ৰাহকসকলে আনলিমিটেড ভইচ কলৰ সুবিধা লাভ কৰিব।

অৱশ্যে এই অফাৰ দিল্লী আৰু মুম্বাইতহে কাৰ্যকৰী হ'ব। ইয়াৰ উপৰিও এই অফাৰত ২ জিবি  ডাটা লাভ কৰিব গ্ৰাহকে। ১০-২৫ আগষ্টলৈকে উপলব্ধ হ'ব এই অফাৰ।