/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/muga-main.jpg)
ডিজিটেল ডেস্কঃ কাঠমাণ্ডুত আজিৰ পৰা আৰম্ভ হৈছে 'বিমছটেক' শীৰ্ষ সন্মিলন। এই সন্মিলনত অংশ লোৱা বিদেশী ৰাষ্ট্ৰৰ অতিথিসকলক প্ৰধানমন্ত্ৰী মোডীয়ে উপহাৰ দিলে অসম গৌৰৱ মুগা কাপোৰ।
কেৱল মুগা কাপোৰেই নহয়, মোডীয়ে এৰি কাপোৰ আৰু উত্তৰ-পূৰ্বাঞ্চল তথা পশ্চিমবংগৰ শিপিনীসকলে প্ৰস্তুত কৰা বস্ত্ৰও উপহাৰ দিয়ে। মোডীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত বস্ত্ৰ উপহাৰ দিয়া বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিসকল আছিল শ্ৰীলংকা, থাইলেণ্ড, ম্যানমাৰ, নেপাল আৰু ভূটান।
উল্লেখযোগ্য যে, এই সন্মিলনত এই কেইখন দেশৰ মুৰব্বীয়ে বিজ্ঞান-প্ৰযুক্তি আৰু যোগাযোগ তথা বাণিজ্যৰ সম্পৰ্কত আলোচনাত মিলিত হৈছিল।