/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/bilahi.jpg)
ডিজিটেল ডেস্কঃ এতিয়া বিলাহীৰ কেজি কিমান? ২৫০গ্ৰাম বিলাহীৰ দাম মহানগৰীত ১০ টকা। অৰ্থাৎ ৪০ টকা কেজিত আপুনি কিনিব লাগে বিলাহী। কিন্তু এই বিলাহীৰ দাম এতিয়া ২টা হৈছেগৈ বজাৰত। বৃহৎ পৰিমাণৰ বিলাহী এই পানীৰ দৰত বিক্ৰী কৰিবলৈও গ্ৰাহকৰ অপেক্ষাত হাহাকাৰ কৰিছে বিক্ৰেতাই।
গ্ৰাহকৰ অভাৱত থোৱা পাত্ৰতেই বিলাহী গেলিছে। কঠোৰ পৰিশ্ৰমৰ অন্তত উৎপাদন কৰা এই বিলাহীৰ উচিত মূল্য আৰু গ্ৰাহক নাপাই বিক্ৰীতাসকলে খঙতে ৰাজপথত দলিয়াই দিছে কুইণ্টলে কুইণ্টলে বিলাহী।
এজন বিলাহী খেতিয়কে জনোৱা মতে, ১ একৰ মাটিত তেওঁ বিলাহী খেতি কৰিছিল। ইয়াৰ বাবে ব্যয় কৰিছিল প্ৰায় ৮০হাজাৰ টকা। এতিয়া কোনো টকাই তেওঁৰ ঘূৰি নাহিল। বিলাহীৰ কোনো বজাৰ নাই। এই পৰিস্থিতি অৱশ্যে এইবাৰ অসমত হোৱা নাই। এনে পৰিস্থিতিৰ সন্মুখীন হৈছে নাছিকৰ বিলাহী খেতিয়কে।