/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/cd54f60a-1b1f-4701-a599-327276d83e29.jpg)
ডিজিটেল সংবাদ, উত্তৰ অসমঃ কপালৰ ঘাম মাটিত পেলাই ৰাজ্যৰ ৰাজকোষলৈ দৈনিক বৰঙণি আগবঢ়াই অহা ক্ষুদ্ৰ চাহ খেতিয়কৰ অৱস্থা পানীত হাঁহ নচৰা সদৃশ হৈ পৰিছে৷ বৃহৎ পুঁজিপতি চাহ কোম্পানীৰ কেকোঁৰা চেপাত ত্ৰাহি মধুসূদন সুঁৱৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে৷
বৃহৎ পুঁজিপতি চাহ কোম্পানীসমূহে 'টাৰ্গেট পলিচি' নীতিৰে শোষণ, লুন্ঠনমুলক চক্ৰান্তৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা চাহপাত ক্ৰয় নকৰি ক্ৰয় মূল্য হ্ৰাস কৰিছে৷ প্ৰতি কেজি কেঁচা চাহ পাতৰ মূল্য আজিৰ তাৰিখত ১৫ টকা, যিটো নেকি ব্যয় মূল্যৰ প্ৰায় সমানুপাতিক।
সেয়েহে দৈনিক ক্ষুদ্ৰ চাহ খেতিয়কে কেঁচা চাহপাত ৰাষ্ট্ৰীয় ঘাঁইপথত পেলাব লগাৰ দৰে অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ সমান্তৰালভাৱে, বৃহৎ পুঁজিপতি চাহ কোম্পানীসমূহে চক্ৰান্তৰে 'টাৰ্গেট পলিচি' গ্ৰহণ কৰি ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা চাহপাত নোলোৱাৰ অভিসন্ধিত নিমজ্জিত হৈছে।
উল্লেখ্য যে, বিশ্বনাথ জিলাৰ বিহালীতে দহ সহস্ৰাধিক শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ জীৱন ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে।গহপুৰ মহকুমাৰ ছয়দুৱাৰ, পূব ছয়দুৱাৰ, গমিৰি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অধীনত আছে প্ৰায় চাৰি হাজাৰ ক্ষুদ্ৰ খেতিয়ক।
যি সময়ত বিশ্বনাথ জিলাৰ ক্ষুদ্ৰ খেতিয়ক সমাজে বৃহৎ পুঁজিপতি চাহ কোম্পানীৰ লুন্ঠন ,শোষণৰ বলি হৈ আহিছে সেই সময়তো বিহালীৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই লক্ষনীয়ভাৱে মৌনতা অৱলম্বন কৰি আহিছে৷
এনে পৰিপ্ৰেক্ষিটত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, বিপ্লৱী যুৱ সন্থা, কৃষক মহাসভাৰ উদ্যোগত ক্ষুদ্ৰ চাহ খেতি়য়কসকলক স্বামী নাথন কমিটিৰ পৰামৰ্শৰ ভিত্তিত কেঁচা চাহপাতৰ সমৰ্থন মূল্য প্ৰদান কৰা, TMCO কাৰ্যকৰী নকৰা ফেক্টৰীসমূহৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু কেঁচা পাতৰ চিণ্ডিকেটৰাজ বন্ধ কৰাৰ দাবীত বিহালী উন্নয়ন খণ্ডৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান ধৰ্মঘট আৰু প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।
পিছত সংগঠন তিনিটাৰ বিষয়ববীয়াসকলে বিহালীৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে বিশ্বনাথ জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।