সকলোতে ভেজাল, কুকিছত ৰচী, বিস্কুটত সূতা আৰু চকলেটত ওলাইছে পোক…

সকলোতে ভেজাল, কুকিছত ৰচী, বিস্কুটত সূতা আৰু চকলেটত ওলাইছে পোক…

author-image
asomiyapratidin
New Update
সকলোতে ভেজাল, কুকিছত ৰচী, বিস্কুটত সূতা আৰু চকলেটত ওলাইছে পোক…

ডিজিটেল ডেস্কঃ খাদ্যৰ নামত বৰবিহ খুৱাইছে বিভিন্ন বিস্কুট কোম্পানীয়ে। কেতিয়াবা যদি আটাৰ পেকেটত জেঠী ওলাই, কেতিয়াবা আকৌ শীতল পানীয়ত ওলাই মৰা পইতাচোঁৰা। এনেকৈয়ে জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি বিভিন্ন কোম্পানীয়ে ভেজাল সামগ্ৰীৰে কেৱল নিজৰ মুনাফা লাভৰ চিন্তাহে কৰে।

কিন্তু কোনো পদক্ষেপ লোৱা দেখা পোৱা নাযায় অসামৰিক যোগান আৰু খাদ্য বিভাগ। এইবাৰ গোৱালপাৰাত বিস্কুটত ওলাল পলিথিন আৰু সূতা। উল্লেখযোগ্য যে, শনিবাৰে গোৱালপাৰাৰ দুৰ্গামন্দিৰ বজাৰৰ পৰা এগৰাকী শিক্ষয়িত্ৰীয়ে 'বিস্ক ফাৰ্ম' কোম্পানীৰ মেৰী বিস্কুট ক্ৰয় কৰিছিল। কিন্তু পেকেটটো খুলি বিস্কুট খাবলৈ লওঁতেই ঘটিল অথন্তৰ।

বিস্কুটৰ মাজত ওলাল পলিথিন আৰু সূতাৰ টুকুৰা। ইফালে, মহানগৰীতো অনুৰূপ কাণ্ড সংঘটিত হৈছে। মহানগৰীৰ এজন যুৱকে ক্ৰয় কৰিছিল কুকিছ বিস্কুট। পলিথিনত ছীল থকা কুকিছ বিস্কুট খাবলৈ লৈ চকু কঁপালত উঠে যুৱকজনৰ। বস্তাৰ ৰচী আছিল বিস্কুটটোত। কিমান অপৰিস্কাৰ আৰু কাণ্ডজ্ঞানহীন ভাৱে এই বিস্কুট ফেক্টৰীত বনোৱা হৈছিল সেই কথা এই দৃশ্যই প্ৰমাণ কৰে।

কাহিলীপাৰাৰ এই যুৱকজনে সমীপৰে এখন বেকাৰীৰ পৰা ক্ৰয় কৰিছিল বিস্কুটৰ পেকেটটো। ইফালে, গোগামুখতো চকলেটৰ ভিতৰত এটা পোক ওলোৱা খবৰো পোহৰলৈ আহিছে।  ৰাজ্যত অসামৰিক যোগান আৰু খাদ্য বিভাগ নামৰ এটা বিভাগ আছে যদিও, এইবোৰ দৃশ্যলৈ চাবলৈ তেওঁলোকৰ সময় নাই।

কেৱল চমক লগাবলৈ একাংশ মন্ত্ৰীয়ে ৰেষ্টুৰেণ্টত ভুমুকি মাৰি ৰেষ্টুৰেন্ট বন্ধৰ নিৰ্দেশ দিয়ে যদিও, জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কাহিনীবা বিভাগটোৱে সকীয়নি প্ৰদান কৰিবনে? সেয়া এতিয়া হৈ পৰিছে এটা লাখ টকীয়া প্ৰশ্ন।