১৫ আৰু ১৬ মাৰ্চত দেশজুৰি ৰাজহুৱা বেংকসমূহৰ ধৰ্মঘট…

১৫ আৰু ১৬ মাৰ্চত দেশজুৰি ৰাজহুৱা বেংকসমূহৰ ধৰ্মঘট…

author-image
asomiyapratidin
New Update
১৫ আৰু ১৬ মাৰ্চত দেশজুৰি ৰাজহুৱা বেংকসমূহৰ ধৰ্মঘট…

ডিজিটেল ডেস্কঃ ৰাজহুৱা খণ্ডৰ বেংকসমূহক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিবলৈ ওলোৱা চৰকাৰৰ পদক্ষেপৰ বিৰুদ্ধে ৰাজহুৱা খণ্ডৰ বেংকসমূহে দেশজুৰি ধৰ্মঘট পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।  অহা ১৫ আৰু ১৬ মাৰ্চত সকলো ৰাজহুৱা খণ্ডৰ বেংকে দেশজুৰি ধৰ্মঘট পালন কৰিব। ৰাজহুৱা খণ্ডৰ ৯ টা বেংকৰ ইউনিয়ন আৰু ইউটিনেট ফ'ৰাম অব্ বেংক ইউনিয়নে এই ধর্মঘট পালন কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে ।

Advertisment

কেন্দ্ৰীয় বিত্তীয় বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে  ৰাজহুৱা খণ্ডৰ দুটা বেংক আৰু এটা বীমা কোম্পানীক বেচৰকাৰীকৰণ কৰাৰ কথা ঘোষণা কৰাৰ কথা ফলশ্ৰুতিতেই ৰাজহুৱা খণ্ডৰ বেংকসমূহে ধৰ্মঘট পালন কৰিব। ভাৰতীয় ষ্টেট বেংক, আই.ডি.বি.আই. বেংক আৰু কানাড়া বেংকেও  এক বিবৃতি যোগে কয় যে, অহা ১৫ আৰু ১৬ মাৰ্চৰ ধর্মঘটে  দেশৰ বেংকসূহৰ কাৰ্যকলাপৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱিত কৰিব।