মনত ৰাখিব, পূজাৰ বতৰত ১১ দিন বন্ধ থাকিব বেংক! এটিএমতো নাপাব ধন

মনত ৰাখিব, পূজাৰ বতৰত ১১ দিন বন্ধ থাকিব বেংক! এটিএমতো নাপাব ধন

author-image
asomiyapratidin
New Update
মনত ৰাখিব, পূজাৰ বতৰত ১১ দিন বন্ধ থাকিব বেংক! এটিএমতো নাপাব ধন

ডিজিটেল ডেস্কঃ উৎসৱৰ বাবে আগন্তুক নৱেম্বৰ মাহলৈ বেংক কৰ্মচাৰীৰ ছুটিৰ সংখ্যা অধিক হোৱা বাবে আৰু এটিএমত নগদ ধনৰ অভাৱৰ বাবে সাধাৰণ লোকসকল অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি মন্তব্য কৰিছে দেশৰ অৰ্থনীতিবিদসকলে৷ শাৰদীয় দুৰ্গোৎসৱৰ যোগেৰে আৰম্ভ হোৱা উৎসৱৰ বতৰ ২৩ নৱেম্বৰৰ ঈদ-এ-মিলাদৰ পিছতহে অন্ত পৰিব৷ ইফালে দেওবাৰ আৰু দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ বাবেও বন্ধ থাকিব বেংকসমূহ৷

Advertisment

উল্লেখ্য যে, এইবাৰ অক্টোবৰ মাহত দুৰ্গা পূজা উপলক্ষে ১৮ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ বেংকসেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব৷ ১৮ আৰু ১৯ অক্টোবৰত নৱমী আৰু দশমী উপলক্ষে আৰু ২০ আৰু ২১ অক্টোবৰত শনিবাৰ আৰু দেওবাৰ বাবে বেংকসেৱা বন্ধ থকাৰ ফলত সাধাৰণ লোক নগদ ধনৰ অসুবিধাৰ সন্মুখীন হ'ব বুলি আশংকা কৰা হৈছে৷

আনহাতে দিপাৱলী উপলক্ষে নৱেম্বৰৰ ৭ পৰা ৯ তাৰিখলৈ বেংক সেৱা বন্ধ থকাৰ সম্ভাৱনা আছে৷ গোৱৰ্ধন পূজা আৰু ভিৱুজ উপলক্ষেও বেংক সেৱা বন্ধ থাকিব পাৰে৷ তদুপৰি ১০ নৱেম্বৰত মাহৰ দ্বিতীয়টো শনিবাৰ আৰু ১১ নৱেম্বৰত দেওবাৰ হোৱা হেতুকে বেংক সেৱা বন্ধ থাকিব৷

নৱেম্বৰ মাহত মুঠ ৫ দিন বেংক সেৱা বন্ধ থাকিব৷ ২৩ নৱেম্বৰত ঈদ-এ-মিলাদ আৰু ২৪ আৰু ২৫ নৱেম্বৰত শনিবাৰ আৰু দেওবাৰ হোৱা হেতুকেও গ্ৰাহকৰ বাবে উপলব্ধ নহ'ব বেংক সেৱা৷

উৎসৱৰ সময়ত খৰছৰ মাত্ৰা বৃদ্ধি পাই বাবে অক্টোবৰৰ পৰা নৱেম্বৰ মাহলৈ গ্ৰাহকসকল আৰ্থিক অসুবিধাৰ সন্মুখীন হোৱাৰ আশংকা কৰি অৰ্থনীতিবিদসকলে বেংক খোলা থকা সময়ছোৱাত নগদ ধন উলিয়াই ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰিছে৷