/asomiyapratidin/media/media_files/2025/08/19/new-ap-web-7-4-2025-08-19-21-30-18.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকাৰ শুল্ক সংকটৰ মাজতেই ভাৰতৰ পৰা আই ফোন ৰপ্তানিত এক নতুন অভিলেখ গঢ়িলে এপ'লে। শেহতীয়াকৈ দেশখনৰ পৰা বিদেশী বজাৰলৈ হোৱা স্মাৰ্টফোন ৰপ্তানিত এপ'লে অগ্ৰণী ভূমিকা লৈছে।
বিশেষকৈ তামিলনাডু আৰু কৰ্ণাটকৰ উৎপাদন কেন্দ্ৰৰ পৰা উৎপাদিত আইফোনে গোটেই বিশ্ববজাৰত প্ৰচণ্ড চাহিদা লাভ কৰিছে। বাণিজ্য মন্ত্রালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২৪-২৫ অর্থ বছৰত কেৱল এপ'লে ভাৰতৰ পৰা বহু হাজাৰ কোটি টকাৰ আইফোন ৰপ্তানি কৰিছে, যি এতিয়ালৈকে হোৱা ফোন ৰপ্তানিৰ সৰ্বাধিক অংশ।
মার্কিন যুক্তৰাষ্ট্ৰৰ সম্ভাৱ্য শুল্ক বৃদ্ধি সত্ত্বেও ভাৰতীয় উৎপাদন কেন্দ্ৰৰ ওপৰত নিৰ্ভৰতা বৃদ্ধিৰ সিদ্ধান্তই কোম্পানীটোক বাবে নতুন গতি প্ৰদান কৰিছে। বিশ্লেষকসকলে কয় যে, আমেৰিকাৰ সম্ভাৱ্য শুল্ক বৃদ্ধি আৰু চীনৰ ওপৰত নিৰ্ভৰতা হ্ৰাস কৰিবলৈ এপ'লে "China Plus One" নীতি গ্ৰহণ কৰিছে। এই নীতি অনুসৰি ভাৰতক উৎপাদনৰ এক প্ৰধান স্থান হিচাপে নিৰ্বাচন কৰা হৈছে। ফলত, ভাৰতত হাজাৰ হাজাৰ নতুন চাকৰি সৃষ্টি হোৱাৰ লগতে বৈদেশিক মুদ্ৰাৰ আয়ো বৃদ্ধি পাইছে।
এই ক্ষেত্ৰত আৰ্থিক বিশ্লেষকসকলে আশা প্ৰকাশ কৰিছে যে, আগন্তুক বছৰৰ ভিতৰত এপ'লে ভাৰতৰ আইফোন ৰপ্তানিৰ পৰিমাণ অধিক বৃদ্ধি কৰিব। এই পদক্ষেপে ভাৰতক বিশ্বৰ স্মাৰ্টফোন উৎপাদন ক্ষেত্ৰত অগ্ৰণী স্থানলৈ লৈ যাব।