বিশ্বৰ প্ৰথমটো ত্ৰিলিয়ন ডলাৰ কোম্পানীত পৰিণত ষ্টিভ জবছৰ Apple

বিশ্বৰ প্ৰথমটো ত্ৰিলিয়ন ডলাৰ কোম্পানীত পৰিণত ষ্টিভ জবছৰ Apple

author-image
asomiyapratidin
New Update
বিশ্বৰ প্ৰথমটো ত্ৰিলিয়ন ডলাৰ কোম্পানীত পৰিণত ষ্টিভ জবছৰ Apple

ডিজিটেল ডেস্কঃ পুনৰ সংবাদ শিৰোনাম দখল কৰিছে বিশ্ব প্ৰযুক্তিত ইটোৰ পিছত সিটো বিপ্লৱ সৃষ্টি কৰি অহা মাৰ্কিন সংস্থা Apple-এ।

৪২ বছৰ পূৰ্বে ছিলিকনভেলীৰ এটা তেনেই সৰু গেৰেজৰ পৰা যাত্ৰা আৰম্ভ কৰা সপোন দেখি ভালপোৱা ষ্টিভ জবছৰ এই প্ৰতিষ্ঠানটো হৈ পৰিছে বিশ্বৰ প্ৰথমটো ত্ৰিলিয়ন ডলাৰ কোম্পানী।

বৃহস্পতিবাৰে Appleৰ শ্বেয়াৰ দৰ ৫.৮৯ ডলাৰৰ বৃদ্ধিৰে ২০৭.৩৯ ডলাৰত উপনীত হয়। ফলত একেকোবে প্ৰতিষ্ঠানটোৰ বজাৰ দৰ ১ ত্ৰিলিয়ন মাৰ্কিন ডলাৰলৈ উৰ্ধগামী হয়। ইয়াৰ লগে লগে প্ৰতিষ্ঠানটো সমগ্ৰ বিশ্বৰ আটাইতকৈ দামী প্ৰতিষ্ঠানৰূপে পৰিগণিত হৈ পৰে।

উল্লেখ্য যে ১৯৯৭ চনত একপ্ৰকাৰ দেউলীয়া হৈ পৰিছিল প্ৰতিষ্ঠানটো। তাৰ পিছতে পুনৰ প্ৰতিষ্ঠানটোলৈ ওভতাই অনা হৈছিল সহ প্ৰতিষ্ঠাতা ষ্টিভ জবছক।

তাৰ পিছতে লাহে লাহে আকৌ উৰ্ধমুখী যাত্ৰা আৰম্ভ হৈছিল Appleৰ। আবিৰ্ভাৱ হৈছিল বিশ্ববাসীৰ বৰ্তমানৰ পৰম আকাংক্ষিত ফোন আইফোনৰ।

অৱশ্যে বৃহস্পতিবাৰে Apple-এ এই সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হলেও বজাৰ বিশেষজ্ঞসকলে দাবী কৰিছে যে অনাগত দিনত আমাজনহে বিশ্বৰ সকলোতকৈ দামী প্ৰতিষ্ঠান হৈ পৰিব।