এপলৰ পিছত ত্ৰিলিয়ন ডলাৰত প্ৰৱেশ এমাজনৰ

এপলৰ পিছত ত্ৰিলিয়ন ডলাৰত প্ৰৱেশ এমাজনৰ

author-image
asomiyapratidin
New Update
এপলৰ পিছত ত্ৰিলিয়ন ডলাৰত প্ৰৱেশ এমাজনৰ

ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে মাৰ্কিন সংস্থা এপল বিশ্বৰ প্ৰথমটো ত্ৰিলিয়ন ডলাৰ কোম্পানীত পৰিণত হোৱাৰ পাছতে এইবাৰ অনলাইন মাৰ্কেটিং সংস্থা এমাজন বিশ্বৰ দ্বিতীয়টো ত্ৰিলিয়ন কোম্পানী হিচাপে স্বীকৃৰ্তি লাভ কৰিছে।

যোৱা মঙলবাৰে এই কৃতিত্বৰ অধিকাৰী হয় বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি জেফ বেজ'ছৰ এমাজন। বিগত কিছুদিনত শ্বেয়াৰ বজাৰত লভ্যাংশ বৃদ্ধি পোৱাৰ পিছতে কোম্পানীটোৱে ত্ৰিলিয়ন ডলাৰৰ ঘৰত প্ৰৱেশ কৰে।

ফবৰ্ছৰ মতে মঙলবাৰৰ দিনটোতে এমাজনৰ আয় হৈছে প্ৰায় ১.৮ বিলিয়ন ডলাৰ। দেখা গৈছে যে বিগত ১২ মাহত এমাজনৰ শ্বেয়াৰ বজাৰৰ পৰিমাণ ১০৮ শতাংশ বৃদ্ধি পাইছে।

বৰ্তমান বিশ্বৰ প্ৰথমটো ত্ৰিলিয়ন ডলাৰ কোম্পানী এপলৰ মুঠ আয় ১.১ ত্ৰিলিয়ন ডলাৰ। সম্প্ৰতি ভাৰতৰ ৰিলায়েন্স কোম্পানীতকৈ ৮ গুণ বৃহৎ কোম্পানীত পৰিণত হৈছে এমাজন ।