হিন্দীত সেৱা আৰম্ভ, শীঘ্ৰে অসমীয়া হৈ পৰিব ‘এমাজন’

হিন্দীত সেৱা আৰম্ভ, শীঘ্ৰে অসমীয়া হৈ পৰিব ‘এমাজন’

author-image
asomiyapratidin
New Update
হিন্দীত সেৱা আৰম্ভ, শীঘ্ৰে অসমীয়া হৈ পৰিব ‘এমাজন’

ডিজিটেল ডেস্কঃ যি সময়ত আমাৰ দেশৰ অভিভাৱকসকলে মাতৃভাষাৰ পৰিৱৰ্তে সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাবলৈ হেতা-ওপৰা লগাই আহিছে সেই সময়তে ইংৰাজী প্ৰধান দেশসমূহৰ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে ভাৰতীয় ভাষাসমূহক। এই অনুযায়ী মঙলবাৰে অনলাইন শ্বপিঙৰ ক্ষেত্ৰত বিশ্বৰ সম্ৰাটসদৃশ এমাজনে ভাৰতীয় গ্ৰাহকসকলৰ সুবিধাৰ্থে মুকলি কৰিছে ৱেবছাইটটোৰ হিন্দী সংস্কৰণ।

ইংৰাজী বুজি নোপোৱা গ্ৰাহকসকলে যাতে নিজ মাতৃভাষাতে এমাজনৰ জৰিয়তে অনলাইন শ্বপিঙৰ সেৱাসমূহ লাভ কৰিব পাৰে তাৰ বাবে প্ৰতিষ্ঠানটোৱে হাতত লৈছে এনে পদক্ষেপ। আৰম্ভণিতে 'বেটা' ভাৰ্ছন হিচাপে মুকলি কৰা হৈছে এমাজনৰ হিন্দী ৱেবছাইটটো। ৱেবছাইট বা এপছ খুলিলেই গ্ৰাহকে লেংগুৱেজ ছেটিংছ অপশ্যনত ক্লিক কৰি ইংৰাজীৰ পৰিৱৰ্তে হিন্দী কৰি ল'লে ৱেবছাইটৰ সকলোখিনি হিন্দী হৈ পৰিব।

নতুন দিল্লীত আজি আয়োজিত এক সংবাদ মেলত প্ৰতিষ্ঠানটোৰ শীৰ্ষ সূত্ৰই জনোৱা মতে এন্ড্ৰইড ফোনত থকা এমাজনৰ এপছ আপডেট নকৰাকৈয়ে ইউজাৰসকলে হিন্দী কৰি লোৱাৰ সুবিধা লাভ কৰিব। ইউজাৰসকলক সঘন আপডেট কৰাৰ পৰা আতৰাই ৰাখিবলৈকে প্ৰতিষ্ঠানটোৱে ছাৰ্ভাৰ ছাইড আপডেটৰ ব্যৱস্থাৰে এপছ আপডেট কৰোৱা বুলিও আজিৰ অনুষ্ঠানটোত জনাইছে।

অৱশ্যে ডেলিভাৰী এড্ৰেছৰ ক্ষেত্ৰত এতিয়াও ইউজাৰসকলে ইংৰাজীয়েই ব্যৱহাৰ কৰিব লাগিব। হিন্দীত এই সেৱা উপলব্ধ হ'বলৈ আৰু কিছুদিনৰ অপেক্ষা কৰিবলৈকো ইউজাৰ তথা গ্ৰাহকসকলক আহ্বান জনাইছে এমাজনে। অনাগত দিনত এমাজনৰ ৱেবছাইটত আন ভাৰতীয় ভাষাসমূহো অন্তৰ্ভুক্ত কৰা হ'ব বুলিও জনাইছে এমাজনৰ ভাৰতীয় কাৰ্যালয়স্থিত শীৰ্ষ বিষয়া মনীষ তিৱাৰীয়ে। এমাজনৰ শীৰ্ষ বিষয়াগৰাকীৰ মন্তব্যলৈ চাই শীঘ্ৰে অসমীয়াতো এমাজনৰ সেৱা উপলব্ধ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।