ৰিলায়েন্সক সংগী কৰি ভাৰতত খোপনি পোতাৰ মন ‘অালিবাবা’ৰ

ৰিলায়েন্সক সংগী কৰি ভাৰতত খোপনি পোতাৰ মন ‘অালিবাবা’ৰ

author-image
asomiyapratidin
New Update
ৰিলায়েন্সক সংগী কৰি ভাৰতত খোপনি পোতাৰ মন ‘অালিবাবা’ৰ

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে প্ৰভাৱ বিস্তাৰ কৰা চীনৰ আগশাৰীৰ অনলাইন প্ৰতিষ্ঠান অালিবাবা। চীনা প্ৰতিষ্ঠানটোৱে ভাৰতৰ ৰিলায়েন্স ৰিটেইলাৰত ৩৫ হাজাৰ কোটি টকা বিনিয়োগেৰে এক অংশ ক্ৰয় কৰিবলৈ মন মেলিছে। এই সন্দৰ্ভত মুম্বাইত ৰিলায়েন্সৰ স্বতাধিকাৰী মুকেশ আম্বানিক সাক্ষাতো কৰিছে অালিবাবাৰ চেয়াৰমেন জেক মাই।

কিছুদিনৰ পূৰ্বে মুকেশ আম্বানিয়ে ৰিলায়েন্সে ৰিটেইলাৰৰ খণ্ডত এক নতুন অনলাইন ব্যৱস্থা আৰম্ভ কৰিব বুলি ঘোষণা কৰাৰ পাছতে এই প্ৰস্তাৱ আহিছে চীনৰ অালিবাবাৰ পৰা। বৰ্তমান ভাৰতত অনলাইন ৰিটেইলাৰৰ ক্ষেত্ৰখনত কেবা কোটি ডলাৰৰো অধিক ধন ফ্লিপকাৰ্ট আৰু এমাজনে বিনিয়োগ কৰিছে।

এনে পৰিপ্ৰেক্ষিতত অলিবাবাৰ প্ৰৱেশে এই প্ৰতিষ্ঠান দুটাৰ ব্যৱসায়ত প্ৰভাৱ পেলোৱাতো স্পষ্ট হৈ পৰিছে। উল্লেখ্য যে অনলাইন পেমেন্ট বেংক পে টি এমত ৪৯ শতাংশ অংশদাৰিত্ব আছে অলিবাবাৰ।

আনহাতে সমগ্ৰ দেশত ৰিলায়েন্স ট্ৰেণ্ডছ, ৰিলায়েন্স ইলেক্ট্ৰনিক্স আৰু ৰিলায়েন্স ডিজিটেলকে ধৰি ৰিলায়েন্স ৰিটেইলাৰৰ ৪,৪০০ খন চহৰত ৭,৫০০ খন বিপনী আছে। কিন্তু ব্যক্তিগত কোনো অনলাইন প্ৰতিষ্ঠান নথকালৈ চাই আলিবাবাৰ প্ৰস্তাৱ ৰিলায়েন্সে মানি ল'ব বুলিয়েই আশা কৰা হৈছে।