জৈৱিক পদ্ধতিৰ কৃষি-কৰ্মৰে উজলিছে ঘিলামৰাৰ অখিল

জৈৱিক পদ্ধতিৰ কৃষি-কৰ্মৰে উজলিছে ঘিলামৰাৰ অখিল

author-image
asomiyapratidin
New Update
জৈৱিক পদ্ধতিৰ কৃষি-কৰ্মৰে উজলিছে ঘিলামৰাৰ অখিল

ডিজিটেল সংবাদ, ঘিলামৰাঃ বিগত ৩ বছৰে জৈৱিক পদ্ধতিৰে বিভিন্ন কৃষিকৰ্মৰ লগতে হাঁহ-কুকুৰা, ছাগলী পুহি স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে লখিমপুৰৰ ঘিলামৰা মইনাপৰাৰ যুৱক অখিল দত্তই।

চৰকাৰী চাকৰি আশা নকৰি অখিল দত্তই ১৫ বিঘা মাটিত ফাৰ্ম খুলি নিবনুৱাসকলক স্বাৱলম্বী হোৱাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাইছে। দত্তৰ নিজা একক প্ৰচেষ্টাৰে খোলা ফাৰ্মত আছে ১৭২টা ছাগলী আৰু ৪২টা ছাগলী পোৱালি।

জৈৱিক পদ্ধতিৰে কৰা জিকা, কেৰেলা, কোমোৰা ইত্যাদিৰ পৰা দৈনিক ২-৩ হাজাৰ টকা উপাৰ্জন কৰে। ছাগলী বিক্ৰী কৰি মাহে ২৫ হাজাৰ টকা অৰ্জন কৰে দত্তই।

কিন্তু আজি পৰ্যন্ত চৰকাৰে যুৱকজনক কোনো ধৰণৰ সাহায্য প্ৰদান কৰা নাই। অখিল দত্ত এতিয়া অঞ্চলটোৰ বাবে হৈ পৰিছে আদৰ্শ খেতিয়ক।