আদানি গ্ৰুপলৈ ১১ চহৰত গেছ বিক্ৰীৰ অনুজ্ঞা

আদানি গ্ৰুপলৈ ১১ চহৰত গেছ বিক্ৰীৰ অনুজ্ঞা

author-image
asomiyapratidin
New Update
আদানি গ্ৰুপলৈ ১১ চহৰত গেছ বিক্ৰীৰ অনুজ্ঞা

ডিজিটেল ডেস্কঃ ঘৰুৱা আৰু পৰিবহণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰাকৈ গেছ বিক্ৰীৰ অনুজ্ঞা লাভ কৰিছে আদানি গ্ৰুপে। পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ পৰিষদ চমুকৈ পিএনজিআৰবিয়ে এক বিবৃতিযোগে এই কথা সদৰী কৰিছে।

পিএনজিআৰবিয়ে বিবৃতিটোত জনোৱা মতে, আদানি গ্ৰুপে এতিয়াৰে পৰা দেশৰ ৬খন নগৰত নিজাববীয়াকৈ আৰু আন ৫ খন নগৰত ইণ্ডিয়ান অইলৰ সৈতে যুটীয়াভাৱে গেছ বিক্ৰী কৰিব পাৰিব।

আনহাতে ৪খন চহৰত কম্প্ৰেছড প্ৰাকৃতিক গেছ আৰু পাইপপৰিবাহী ৰন্ধন গেছ বিক্ৰী কৰিব ইণ্ডিয়ান অইলে।

অনুজ্ঞা পত্ৰ লাভ কৰা আন প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছে টৰেণ্ট গেছ, ভাৰত গেছ ৰিছ'ৰ্চেছ আৰু গেইল গেছ।

উল্লেখ্য যে যোৱা এপ্ৰিলত চৰকাৰে ৮৬ টা অঞ্চলৰ বাবে অনুজ্ঞাৰ নিলাম কৰিছিল। এই ৮৬ টা অঞ্চলৰ ৪৬টা অঞ্চলৰ নিলামৰ ফলাফল যোৱা শুকুৰবাৰে বিবৃতিযোগে ৰাজহুৱা কৰিছে পিএনজিআৰবিয়ে।