অচিৰেই বিশ্বৰ তৃতীয় বৃহৎ বিমান সেৱা বজাৰৰ অধিকাৰী হ’ব ভাৰত

অচিৰেই বিশ্বৰ তৃতীয় বৃহৎ বিমান সেৱা বজাৰৰ অধিকাৰী হ’ব ভাৰত

author-image
asomiyapratidin
New Update
অচিৰেই বিশ্বৰ তৃতীয় বৃহৎ বিমান সেৱা বজাৰৰ অধিকাৰী হ’ব ভাৰত

ডিজিটেল ডেস্কঃ অহা ২০২৪ ৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহৎ বিমান সেৱাৰ বজাৰ হিচাপে পৰিগণিত হ'ব ভাৰত। আন্ত:ৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থা চমুকৈ আই এ টি এয়ে অলপতে প্ৰকাশ কৰা তথ্য অনুসৰি ২০৩৭ৰ ভিতৰত বিশ্বজুৰি বিমানযাত্ৰীৰ সংখ্যা ৮.২ বিলিয়নলৈ বৃদ্ধি পাব আৰু অহা ২০২৪ৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰক অতিক্ৰম কৰি বিশ্বৰ সৰ্ববৃহৎ বিমান সেৱাৰ বজাৰ হিচাপে পৰিগণিত হ'ব চীন।

একেদৰে বিট্ৰেইনক চেৰ পেলাই তৃতীয় স্থান লাভ কৰিব ভাৰতে। ইপিনে অসামৰিক বিমান সঞ্চালকালয়ে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ বিগত ৯ মাহত দেশৰ ঘৰুৱা বিমান যাত্ৰীৰ সংখ্যা ১০ কোটিৰ সীমা অতিক্ৰম কৰিছে। যোৱা ২০১৬ ত এই সংখ্যা আছিল ৯.৯৯কোটি।