নাই চিকিৎসক-এম্বুলেঞ্চ! ডি আই গাড়ীৰে জিএম চিলৈ প্ৰেৰণ অগ্নিদগ্ধ মহিলাক 

নাই চিকিৎসক-এম্বুলেঞ্চ! ডি আই গাড়ীৰে জিএম চিলৈ প্ৰেৰণ অগ্নিদগ্ধ মহিলাক 

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসক-কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতি তথা চৰকাৰী গাড়ীৰ অভাৱৰ বাবেই অগ্নিদগ্ধত গুৰুতৰভাৱে আহত মহিলা এগৰাকীৰ দেওবাৰে পুৱতি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হোৱা ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে, বকো সমষ্টিৰ উপৰি চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ প্ৰান্তৰ সংখ্যালঘু বসতিপ্ৰধান সোণতলীৰ একমাত্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰখনত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক-কৰ্মচাৰী নথকাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ সাধাৰণ ৰোগীয়ে চিকিৎসাৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে৷

চিকিৎসালয়খনত ৰোগীৰ বাবে নাথাকে পৰ্যাপ্ত ঔষধ-পাতি। নাই চিকিৎসক-নাৰ্ছও৷ যিকেইজন চিকিৎসক-কৰ্মচাৰী আছে তাৰো উপস্থিতি অনিয়মীয়া হোৱাৰ বাবে সাধাৰণ ৰোগীয়ে চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে৷ উল্লেখ্য যে, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অভিলাষী আঁচনিও অদ্যাপি সোণতলী অঞ্চলত ঢুকি পোৱা নাই৷

ফলত সংখ্যালঘু অঞ্চলৰ সাধাৰণ ৰোগী চিকিৎসাৰ ক্ষেত্ৰত ব্যাপক জটিলতাৰ সন্মুখীন হ'বলগীয়া হৈছে৷ জানিব পৰা মতে, শনিবাৰে পুৱা সোণতলী সত্ৰ গাঁৱৰ ওচমান গণিৰ পত্নী জয়তন নেছা (৩৬)ই নিজ ঘৰত জুইৰ তাপ লোৱা অৱস্থাত আকস্মিকভাৱে শৰীৰত জুই লাগি অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হয়৷

ইপিনে অগ্নিদগ্ধ মহিলাগৰাকীক পৰিয়ালৰ লোকে চৰকাৰী আদৰণি গাড়ীৰে পুৱা সোণতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসালয়খনত ৰোগীক প্ৰাথমিক চিকিৎসাখিনিও প্ৰদান কৰাব নোৱাৰিলে৷ আনকি চিকিৎসক তথা নাৰ্ছৰ অভাৱত উপায়বিহীন হৈ অগ্নিদগ্ধৰ শৰীৰত পৰিয়ালৰ লোকেই মলম লগাবলগীয়া পৰিবেশৰ সৃষ্টি হয়৷

আনহাতে চিকিৎসালয়খনত পৰিয়ালৰ লোকে চৰকাৰী মৃত্যুঞ্জয়-১০৮ গাড়ীখনো বিচাৰি নোপোৱাত উপায়ন্তৰ হৈ অগ্নিদগ্ধ মুমূৰ্ষু ৰোগীক সামগ্ৰী কঢ়িওৱা ডি আই গাড়ীৰে শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাত পুৱতি নিশা প্ৰায় তিনি বজাত মহিলাগৰাকীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যায় হাস্পতালত মৃত্যু হয়৷

উল্লেখ্য যে সোণতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত পৰ্যাপ্ত চিকিৎসক-সা-সুবিধা নথকা তথা চিকিৎসকৰ অনিয়মীয়া উপস্থিতিৰ বাবেই মহিলাগৰাকীৰ অকাল মৃত্যু হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in