পহিলা মাঘত পৰম্পৰা ৰক্ষা কৰি আঁহতগুৰি, ৰহাত ম’হযুঁজ…

পহিলা মাঘত পৰম্পৰা ৰক্ষা কৰি আঁহতগুৰি, ৰহাত ম’হযুঁজ…

ডিজিটেল সংবাদ, ৰহাঃ এফালে ন্যায়ালয়ৰ বাধা, আনফালে পৰম্পৰা ৰক্ষাৰ চেষ্টা। ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি পহিলা মাঘত অনুষ্ঠিত হ'ল মৰিগাঁও জিলাৰ আঁহতগুৰিৰ ঐতিহ্যমণ্ডিত ম'হযুঁজ। উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্বেও পৰম্পৰা ৰক্ষাৰ স্বাৰ্থতে এনেদৰে আঁহতগুৰিৰ লগতে
নগাঁও জিলাৰ ৰহাৰ দেওবালি, জাগিয়াল আদি অঞ্চলতো ৰাইজে অনুষ্ঠিত কৰে পৰম্পৰাগত ম'হযুঁজ।

পুৱাতে নিজৰ গোনা ম'হটোক নুৱাই ধুৱাই যুঁজলৈ আনে গোৱালসকলে। এইবাৰ আহঁতগুৰিকে ধৰি বিভিন্ন স্থানত অনুষ্ঠিত হোৱা মাঘ বিহুৰ পৰম্পৰাগত ম'হযুঁজৰ নিৰ্দিষ্ট আয়োজক সমিতি নাই যদিও ন্যায়ালয়ৰ বাধা নেওচি গোৱালসকলে স্বতঃস্ফূৰ্তভাৱে অনুষ্ঠিত কৰিলে ম'হযুঁজ। এই পৰম্পৰাগত ম'হযুঁজ চাবলৈ পুৱাৰে পৰা ম'হযুঁজস্থলীত দেখিবলৈ পোৱা গ'ল হাজাৰ হাজাৰ লোকৰ সমাগম।

এইবাৰ আহঁতগুৰিত ২৫ হাল ম'হ আৰু দেওবালিত ৩০ হাল ম'হৰ মাজত যুঁজ হয়। উল্লেখ্য যে, উচ্চতম ন্যায়ালয় নিষেধাজ্ঞাৰ ফলত ২০১৪ চনৰ পৰা আহঁতগুৰিকে ধৰি অন্যান্য ঠাইত আনুষ্ঠানিকভাৱে ম'হযুঁজ অনুষ্ঠিত হোৱা নাই যদিও পূৰ্বৰ দৰে গোৱালসকলে এইবাৰো অনানুষ্ঠানিকভাৱেই ম'হযুঁজ অনুষ্ঠিত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in