এফালে ঐতিহ্য আৰু পৰম্পৰা আনহাতে ন্যয়ালয়ৰ বাধাঃ কোৰোনাৰ ভয়াৱহতাক নেওচি শিৱাসগৰত ম’হযুঁজ…

এফালে ঐতিহ্য আৰু পৰম্পৰা আনহাতে ন্যয়ালয়ৰ বাধাঃ কোৰোনাৰ ভয়াৱহতাক নেওচি শিৱাসগৰত ম’হযুঁজ…

ডিজিটেল ডেস্কঃ আহোম স্বৰ্গদেউসকলৰ দিনৰে পৰা ৰাজ্যত প্ৰচলিত হৈ আহিছে বিভিন্নধৰণৰ খেল ধেমালি। স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰথমে কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰা ৰংঘৰ পৰৱৰ্তীসয়ত স্বৰ্গদেউ প্ৰমত্ত সিংহই আটকধুনীয়াকৈ নিৰ্মাণ কৰে ৰংঘৰ। এই ৰংঘৰেই এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে পৰিচিত। ৰুদ্ৰসিংহৰ সময়ৰে পৰা বিহুৰ সময়ছোৱাত বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হৈছিল।

মাঘবিহুৰ সময়ছোৱাত তেতিয়াৰে পৰাই শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল। সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, মল্ল যুঁজ, ম'হ যুঁজ, বুলবুলি চৰাই যুঁজ আদি অনুষ্ঠিত হৈছিল। সেই খেল-ধেমালিবোৰেই পৰৱৰ্তীসময়ত পৰম্পৰালৈ পৰিণত হৈছিল। প্ৰতি মাঘৰ বিহুৰ সময়ছোৱাত অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে বিভিন্ন খেল-ধেমালি।

অতিজৰে পৰা প্ৰচলিত এনে এক জনপ্ৰিয় খেল ম'হযুঁজ অনুষ্ঠিত কৰাত ইতিমধ্যে ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰিছে। ন্যায়ালয়ৰ নিষেধাজ্ঞা অনুসৰিয়েই বহুকেইখন ঐতিহ্যমণ্ডিত ম'হযুঁজ প্ৰতিযোগিতাৰ কমিটীয়ে প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰা বিৰত আছে যদিও বহু ঠাইত ম'হৰ গোৱালসকলে অনুষ্ঠিত কৰি আহিছে ম'হ যুঁজ।

এই ম'হ যুঁজ অনুষ্ঠিত কৰাৰ সপক্ষে যুক্তি আগবঢ়াই ম'হ গোৱালসকলে কয় যে, এই সময়ছোৱাত ম'হৰ শিঙত পোক ধৰে। যাৰ বাবে ম'হক যুঁজ কৰিবলৈ দিব লাগে। অন্যাথা ম'হ বোৰে নিজৰ মাজতে যুঁজ লাগি মৃত্যু পৰ্যন্ত হ'ব পাৰে। আনহাতে গোৱালকো ম'হে আক্ৰমণ কৰিব পাৰে। গতিকে ম'হক যুঁজ কৰিব দিবই লাগিব।

এই যুক্তিৰেই ম'হৰ যুঁজ অনুষ্ঠিত কৰি অহা মৰিগাওঁ জিলাৰ কেইবাটাও স্থানত অৱশ্যে এইবাৰ আৰক্ষী, প্ৰশাসনৰ বাধাৰ বাবে ম'হ যুঁজ অনুষ্ঠিত হ'বলৈ নাপালে। কোভিড প্ৰতিৰোধৰ বাবে জাৰি কৰা এছ অ' পিৰ বাবেই বাতিল কৰা হৈছে এনেধৰণে অনুষ্ঠিত কৰি অহা একাংশ ম'হ যুঁজ প্ৰতিযোগিতা।

ইফালে শেহতীয়াকৈ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি শিৱসাগৰৰ জাপিসজীয়া পথাৰত অনুষ্ঠিত কৰা হ'ল গোনা ম'হৰ যুঁজ। ন্যায়ালয়ৰ বাধাক সন্মান জনাই অৱশ্যে জাপিসজয়ীত অনুষ্ঠিত হ'ল প্ৰতীকি ম'হযুঁজ প্ৰতিযোগিতা। নৱ প্ৰজন্মক ঐতিহ্য আৰু পৰম্পৰাৰ সৈতে চিনাকি কৰাই দিবলৈকে এই প্ৰতীকি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ল।

ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছৰে পৰা শিৱসাগৰৰ কালুগাওঁ জাপিসজীয়া গাওঁবাসীয়ে প্ৰতিবছৰে প্ৰতীকি ৰূপত অনুষ্ঠিত কৰি আহিছে মহযুঁজ। ঐতিহ্য পৰম্পৰা ৰক্ষাৰ বাবে কালুগাওঁবাসীয়ে এইদৰে প্ৰতীকি ৰূপত মহযুঁজ অনুষ্ঠিত কৰি অহাৰ বিষয়টো প্ৰশংসিত হৈছে।

উল্লেখ্য য, মহযুঁজৰ উপৰিও বুলবুলি চৰাইৰ যুঁজ আৰু কুকুৰা যুঁজত বন্ধৰ নিৰ্দেশনা প্ৰদান কৰি থৈছে ন্যায়ালয়ে। ২০১৪ চনত এক নিৰ্দেশনাৰ জৰিয়তে ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা বুলি সকলো ধৰণৰ জীৱ-জন্তুৰ প্ৰতিযোগিতা নিষিদ্ধ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in