কৃষি বিভাগৰ বাবে ২০২৩কোটি টকা আৱন্টন, কৃষক সকলক দিয়া হ’ব ২হাজাৰখন ট্ৰেক্টৰ

কৃষি বিভাগৰ বাবে ২০২৩কোটি টকা আৱন্টন, কৃষক সকলক দিয়া হ’ব ২হাজাৰখন ট্ৰেক্টৰ
  • কৃষি বিভাগৰ বাবে ২০২৩ কোটি টকা আৱন্টন।
  • মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য আঁচনিৰ জৰিয়তে ২০০০খন ট্ৰেক্টৰ বিতৰণ কৰা হ'ব বুলি ঘোষণা।
  • আনহাতে, কলকাতাস্থিত সুধাকণ্ঠৰ ভূপেন হাজৰিকাৰ বাসগৃহ আৰু ওড়িশ্যাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহ সংৰক্ষণৰ বাবে ল'ব ব্যৱস্থা।
  • ধলা-শদিয়া সেতুৰ সমীপত নিৰ্মাণ কৰা হ'ব ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ।
  • লখিমপুৰ, বিহপুৰীয়াত নিৰ্মাণ হ'ব সাংস্কৃতিক প্ৰেক্ষাগৃহ।
  • গোৱালপাৰাত ৰবীন্দ্ৰ ভৱনৰ আৰ্হিত নিৰ্মাণ হ'ব প্ৰেক্ষাগহ।
  • উজ্বলা আঁচনিৰ বাবে ১২১ কোটি টকা আৱন্টন।
  • দেশৰ কেবাখনো ৰাজ্যত নিৰ্মাণ কৰা হ'ব অসম ভৱন।
  • ইতিমধ্যে নতুন দিল্লীৰ দ্বিতীয়টো অসম ভৱনৰ কাম ৯৯ শতাংশ সম্পূৰ্ণ হৈছে।
  • গুৱাহাটীৰ উন্নয়নৰ বাবে জি এম ডি এক ৭৩৬ কোটি টকা, হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ বাবে ৩৫৩ কোটি টকা, স্বাস্থ্য বিভাগৰ বাবে ৬৬৮৪ কোটি টকা আৱন্টন।
  • মাজুলীৰ গড়মূৰত ১০০ খন বিচনা যুক্ত চিকিৎসালয় আৰু হোজাইত ২০০ খন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণ।
  • হামৰেং-শালমৰা, বিশ্বনাথত জিলা চিকিৎসালয় নিৰ্মাণ।
  • ৰাজ্যত স্থাপন কৰা হ'ব ১০খন আইন মহাবিদ্যালয়।
  • উচ্চশিক্ষাৰ বাবে ২৫৬৭ কোটি টকা আৱন্টন।
  • কাৰিকৰী শিক্ষাৰ বাবে ৪২০ কোটি টকা আৱন্টন।
  • বন বিভাগৰ বাবে ৭৩৬ কোটি টকা আৱন্টনৰ ঘোষণা।
  • আবকাৰী বিভাগৰ বাবে ৯০ কোটি টকা আৰু মৎস উৎপাদনৰ বাবে ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ আঁচনিৰ বাবে ৩০ কোটি টকা আৱন্টন।
  • মীন বিভাগৰ বাবে ১১৯ কোটি টকা আৱন্টন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in