গান্ধী আপোনালোকৰ বাবে ট্ৰেইলৰ হ’ব পাৰে, আমাৰ বাবে কিন্তু জীৱনঃ লোকসভাত কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোডীৰ

গান্ধী আপোনালোকৰ বাবে ট্ৰেইলৰ হ’ব পাৰে, আমাৰ বাবে কিন্তু জীৱনঃ লোকসভাত কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোডীৰ

ডিজিটেল ডেস্কঃ সংসদৰ যুটীয়া সদনৰ বাজেট অধিৱেশনৰ প্ৰাৰম্ভণিত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে প্ৰদান কৰা অভিভাষণৰ ওপৰত বৃহস্পতিবাৰে লোকসভাত ধন্যবাদ প্ৰস্তাৱ পাঠ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ধন্যবাদ প্ৰস্তাৱ পাঠ কৰিবলৈ প্ৰধানমন্ত্ৰী থিয় হোৱাৰ সময়তে সংসদত বিজেপি সাংসদসকলে জয় শ্ৰীৰাম ধ্বনি দিয়ে। তাৰ বিপৰীতে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে মহাত্মা গান্ধী অমৰ হওক ধ্বনি দিয়ে। বিৰোধীৰ এই ধ্বনিৰ পিছত প্ৰধানমন্ত্ৰীয়ে টিপ্পনী কৰি কয়- কেৱল ইমানেই?

প্ৰধানমন্ত্ৰীৰ এই টিপ্পনীৰ পিছত কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে এয়া কেৱল ট্ৰেইলৰ হে। যাৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয়- আপোনালোকৰ বাবে মহাত্মা গান্ধী ট্ৰেইলৰ হ'ব পাৰে, কিন্তু আমাৰ বাবে মহাত্মা গান্ধী জীৱন। প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে হাততালিৰ ৰোল উঠে সংসদৰ ভিতৰচৰাত।

ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত ধন্যবাদ প্ৰস্তাৱ পাঠ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ৰাষ্ট্ৰপতিয়ে তেওঁৰ অভিভাষণত নিউ ইণ্ডিয়াৰ ভিজন প্ৰস্তুত কৰিছে। একবিংশ শতিকাৰ তৃতীয় দশকত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে তেওঁৰ অভিভাষণৰ জৰিয়তে সকলোকে পথ দেখুৱাইছে আৰু মানুহৰ মনত বিশ্বাসৰ ভাৱ জন্ম দিবলৈ সক্ষম হৈছে।

সংসদত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ প্ৰধানমন্ত্ৰীয়ে কয়, 'যদি আমিও আপোনালোকে দেখুৱাই দিয়া পথেৰে খোজ দিলেহেঁতেন, তেন্তে হয়তো আগন্তুক ৭০ বছৰৰ পিছতো এই দেশৰ পৰা অনুচ্ছেদ ৩৭০ৰ বিলুপ্তি নঘটিলহেঁতেন। যদি আপোনালোকৰ নীতি নিৰ্দেশেৰে আগবাঢ়িলোহেঁতেন তেন্তে মুছলমান মহিলাসকলে সদায় তিনি তালাকলৈ ভয় কৰি থাকিবলগা হ'লেহেঁতেন। আপোনালোকৰ চিন্তাক আমিও গ্ৰহণ কৰা হ'লে আজিও ৰাম জন্মভূমি বিবাদৰ নিষ্পত্তি সম্ভৱ নহ'লহেঁতেন, কৰতাৰপুৰ চাহেব কৰিডৰ কেতিয়াও নিৰ্মাণ নহ'লহেঁতেন, ভাৰত-বাংলাদেশ বিবাদ কেতিয়াও সমাধান নহ'লহেঁতেন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in