বাজেটে দিয়া বেয়া খবৰটো…

বাজেটে দিয়া বেয়া খবৰটো…

ডিজিটেল ডেস্কঃশুকুৰবাৰে লোকসভাৰ মজিয়াত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে মোডী চৰকাৰৰ প্ৰথমখন পু্ৰ্ণাংগ বাজেট। বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণাৰে দাখিল কৰা হ'ল এই বাজেট। বহুকেইটা ভাল খবৰৰ মাজতে এই বাজেটে দিলে কেইবাটাও বেয়া খবৰ।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে যে, পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতিলিটাৰত বৃদ্ধি পাব ২ টকাকৈ। প্ৰতিলিটাৰত এক্সাইজ ডিউটি ১ টকা আৰু প্ৰতিলিটাৰত ১ টকা ইষ্ট্ৰাকচাৰ ফ্ৰীজ লগোৱা হৈছে। আনহাতে বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত ঘোষণা কৰিলে- বৃদ্ধি পাব সোণৰ দাম। পূৰ্বতে সোণত আছিল ১০ শতাংশ শুল্ক। চলিত বিত্তীয় বৰ্ষৰ বাবে সোণৰ ওপৰৰ এই শুল্ক ১২.১৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। এই বাজেটৰ পিছতেই এতিয়া বৃদ্ধি পাব সোণৰ মূল্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in