আনন্দৰ বন্যা বি টি আৰতঃ বড়ো শান্তি চুক্তিত অগ্ৰণী ভূমিকা লোৱা হাগ্ৰামা মহিলাৰীক প্ৰশংসা কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ…VIDEO

আনন্দৰ বন্যা বি টি আৰতঃ বড়ো শান্তি চুক্তিত অগ্ৰণী ভূমিকা লোৱা হাগ্ৰামা মহিলাৰীক প্ৰশংসা কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ…VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ নতুন দিল্লীত তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে বিটিএডিত ব্যাপক আনন্দৰ জোঁৱাৰ উঠিছে । বিটিএডিৰ চাৰিওখন জিলাৰ বিভিন্ন প্ৰান্তত চুক্তি স্বাক্ষৰৰ পিছতে ফটকা ফুটাই জনতাই আনন্দ উলাহ কৰাৰ সমান্তৰালভাৱে আজি ৰাতিপুৱাৰে পৰা এবছুৰ কোকৰাঝাৰস্থিত মুখ্য কাৰ্যালয়ত ব্যাপক আনন্দ উলাহ পৰিলক্ষিত হয় । জনতাই খাম , চিফুংৰ তালে তালে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ।

উল্লেখ্য যে এনডিএফবিয়ে বিগত প্ৰায় চাৰিটা দশকজুৰি বিটিএডি অঞ্চলত অব্যাহত থকা অস্ত্ৰ সংস্কৃতিৰ ওৰ পেলাই কেন্দ্ৰ,ৰাজ্য চৰকাৰ ,এনডিএফবিৰ চাৰিটা গোট,এবছু,ইউবিপিঅৰ মাজত আজি নতুন দিল্লীত তৃতীয়খন ঐতিহাসিক বড়ো শান্তিৰ পিচ মুহুৰ্তৰ পৰাই প্ৰস্তাৱিত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅন চমুকৈ বিটিআৰ ত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে৷

১৯৯৩ চনত স্বাক্ষৰিত হোৱা প্ৰথম খন বড়ো শান্তি চুক্তি আৰু ২০০৩ চনত বিএলটিৰ সৈতে স্বাক্ষৰিত দ্বিতীয়খন চুক্তি বিটিএডি গঠনৰ পিচতো বিটিএডিৰ পৰিবৰ্তে পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত এবছুই গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰখাৰ বিপৰীতে এনডিএফবিয়ে পৃথক বড়োলেণ্ডৰ দাবীত সশস্ত্ৰ সংগ্ৰাম চলাই আহিছিল৷ তাৰ মাজতে এনডিএফবি শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ আগলৈকে চাৰিটা ভাগত বিভক্ত হৈছিল৷

বি.ছাওৰাইগ্ৰা , বি.আৰ.ফেৰেংগা, বি.বিদাই,বি.বাথা আদি শীৰ্ষ এনডিএফবিৰ নেতা সকলে ম্যানমাৰৰ পৰা আহি যোৱা ১১ জানুৱাৰীত যুদ্ধবিৰত ঘোষণাৰে চৰকাৰৰ সৈতে শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহে৷তাৰ লগে লগে কাৰাৰুদ্ধ এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী অগ্ৰিম জামিনত মুক্তি লাভ কৰি ইতিপূৰ্বে যুদ্ববিৰতি ঘোষণাৰে শান্তি আলোচনা চলাই থকা গোবিন্দ বসুমতাৰী আৰু ধীৰেণ বড়ো নেতৃত্বাধীন এনডিএফবিৰ আন দুটা গোটসহ মুঠ চাৰিটা গোটৰ নেতৃবৃন্দই একেলগে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ বাবে সহমতত উপনীত হয়৷

সেইমৰ্মে সোমবাৰে এনডিএফবিৰ চাৰিওটা গোট,এবছু,ইউবিপিঅৰ সৈতে তৃতীয়খন ঐতিহাসিক বড়ো শান্তি চুক্তি গৃহমন্ত্ৰী অমিত শ্বাহ , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত নতুন দিল্লীত সম্পন্ন হয় । নতুন দিল্লীত স্বাক্ষৰিত হোৱা এই শান্তি চুক্তিৰ পিছতেই গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বড়ো শান্তি চুক্তিৰ বাবে হাগ্ৰামা মহিলাৰীয়ে লোৱা ভূমিকাক শলাগ লৈ ধন্যবাদ জ্ঞাপন কৰে ।

ইপিনে বড়ো শান্তি চুক্তি সম্পন্ন হোৱাৰ পিছতে কোকৰাঝাৰ চহৰৰ লগতে সমগ্ৰ অঞ্চলত আনন্দৰ বন্যা বোৱা পৰিলক্ষিলত হৈছে৷এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছৰ উপৰিও প্ৰতিখন মহকুমা,আঞ্চলিক আৰু শাখা সমিতিৰ কাৰ্যালয়ৰ লগতে আন আন স্থানসমূহতো এবছুৰ নেতা-কৰ্মী আৰু সাধাৰণ ৰাইজক আনন্দ-উল্লাস কৰা দেখা গৈছে ৷

পৰম্পৰাগত জাতীয় সাজ-পোছাক,লোকবাদ্য খাম,ছিফুং আদি বিভিন্ন বাদ্যযন্ত্ৰ লৈ নৃত্য-গীত পৰিৱেশন কৰি আনন্দ প্ৰকাশ কৰিছে৷ তদুপৰি জৈ বড়ো হাৰিনী জৈ,বিটিআৰ ৱেলকাম আদি নানা ধৰণৰ শ্লোগান দি ফটকা,আটচবাজী আদি ফুটাই নতুন বড়ো শান্তি চুক্তিখন উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে ৷ তৃতীয়খন বড়ো শান্তি চুক্তিয়ে অঞ্চলটোলৈ এক সুস্থিৰ স্থায়ী শান্তিৰ বতৰা কঢ়িয়াই অনাৰ লগতে উন্নয়ণ অধিক ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰি সাধাৰণ ৰাইজে বড়ো শান্তি চুক্তিৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীয়ে লোৱা ধনাত্মক ভূমিকাক আন্তৰিকতাৰে আদৰণি জনাইছে ।

ইপিনে স্বাক্ষৰিত হোৱা তৃতীয়খন বড়ো শান্তি চুক্তিৰ বিৰোধীতাৰে অঞ্চলটোৰ কেবাটাও অবড়ো সংগঠনে বাৰঘন্টীয়া অসম বন্ধৰ আহ্বন জনাইছিল । উক্ত বন্ধৰ সময়ছোৱাত কোকৰাঝাৰ চহৰৰ প্ৰায় সংখ্যক ব্যৱসায়ীক প্ৰতিষ্ঠান,যান-বাহনৰ চলাচল বন্ধ থাকে যদিও ইয়াৰ মাজতে চলাচল কৰা একাংশ যান বাহনৰ ওপৰত দুৰ্ষ্কৃতিকাৰীয়ে আক্ৰমণ সংঘটিত কৰে ।

জিলাখনৰ ছালাকাটিৰ বামুনীগাঁৱ,বাৰেগৰত বন্ধৰ সমৰ্থকে এখন স্কুটী,এখন মটৰ চাইকেল অগ্নিসংযোগ কৰাৰ বিপৰিতে বালাগাঁৱত এখন অটো আৰু ৰয়নাডাব্ৰিত এখন এল্ট' গাড়ীৰ দৰ্জা-খিৰিকীৰ আইনা আদি ভাঙি ক্ষতিসাধন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in