বিটিআৰৰ নিৰ্বাচনঃ হাগ্ৰামা নে প্ৰমোদ বড়ো হ’ব বিজেপিৰ বন্ধু…

বিটিআৰৰ নিৰ্বাচনঃ হাগ্ৰামা নে প্ৰমোদ বড়ো হ’ব বিজেপিৰ বন্ধু…

সন্মুখত বিটিআৰৰ নিৰ্বাচন। এইবাৰ নিৰ্বাচনত কোনে বাজী মাৰিবলৈ সক্ষম হ'ব? বিজেপিয়ে কাক কৰিব সমৰ্থন? বিটিআৰত ক্ষমতা সলনি হ'লে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে হ'ব নেকি চিবিআইৰ তদন্ত? এনে বহু প্ৰশ্নৰৰ উত্তৰেৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ সৈতে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ এক বিশেষ প্ৰতিবেদন।

এবছু এৰি ৰাজনীতিত ভৰি দিয়া আৰু শেহতীয়াকৈ ইউপিপিএলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা প্ৰমোদ বড়োৰ দাবী- বিটিআৰত পৰিৱৰ্তন হ'ব। দীৰ্ঘদিন ধৰি বিটিচিত দুৰ্নীতিৰ বেহা বহিছে। এই দুৰ্নীতিৰ তদন্ত হ'লে বহু বাঘা বাঘা নেতা জে'ললৈ যাব লাগিব।

সঁচাকৈয়ে পূৰ্বৰ বিটিচি আৰুএতিয়াৰ বিটিআৰত সলনি হ'ব নেকি ৰাজনৈতিক সমীকৰণ? বৰ্তমান বিজেপিৰ সৈতে মিলি ৰাজ্যৰচৰকাৰত থকা আৰু বিটিচিত শাসনাধিষ্ঠিত বিপিএফৰ পতন ঘটিব নেকি আগন্তুক নিৰ্বাচনত!

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীনবিপিএফৰ বিৰুদ্ধে সৰৱ হৈছে প্ৰমোদ বড়ো। ইয়াৰ বিপৰীতে শাসনাধিষ্ঠিত বিপিএফৰ দাবী-এইবাৰো তেওঁলোকেই দখল কৰিব বিটিআৰ। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ইতিমধ্যেপ্ৰয়োজনত মিত্ৰতা সলনি হোৱাৰ ইংগিত দিয়াত আশাবাদী প্ৰমোদ বড়ো নেতৃত্বাধীনইউপিপিএল।

কিছু দিনৰ পাছতে অনুষ্ঠিত হ'বলগাঅসমৰ ৰাজ্যসভাৰ ৩ আসনৰ দুখন আসনত শাসক দলৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত। পূৰ্বৰপ্ৰতিশ্ৰুতি অনুসৰিয়েই তাৰে এখন আসন বিপিএফৰ প্ৰাৰ্থীক এৰি দিব বুলি বিজেপিয়ে সদৰীকৰাত দুই দলৰ মাজত যে মিত্ৰতা এতিয়াও সুদৃঢ় হৈ আছে, তাৰ ইংগিতেই বহন কৰে।

এনে পৰিপ্ৰেক্ষিতত কোনোবাইহাগ্ৰামা মহিলাৰীক দুৰ্বল বুলি ভাৱিলেও প্ৰকৃতাৰ্থত হাগ্ৰামাৰ বিৰুদ্ধে বিটিআৰনিৰ্বাচনত কোনো পক্ষই জয়ী হোৱাটো সহজ হৈ থকা নাই। বিটিআৰত থকা অনা-বড়ো লোকৰো কিছুসংখ্যকৰ আছে হাগ্ৰামা মহিলাৰীৰ প্ৰতি সমৰ্থন।

এনে পৰিস্থিতিত বিটিআৰৰ ৰাজনৈতিকভৱিষ্যত আৰু দীৰ্ঘদিনৰ সংগ্ৰামৰ পৰিণতিত স্বাক্ষৰিত ঐতিহাসিক বড়ো চুক্তিৰ প্ৰভাৱকিদৰে পৰিব আগন্তুক দিনবোৰত? কাৰ্বি আংলঙৰ দৰেই বিজেপিয়ে নিজৰ দখললৈ বিটিআৰ অনাৰস্বাৰ্থত আন ৰাজনৈতিক অভিসন্ধিৰে হাগ্ৰামা মহিলাৰীক দুৰ্বল কৰি বিপিএফক বিজেপিতচামিল কৰাৰ চেষ্টা চলাইছে নেকি? এই প্ৰশ্নৰো উত্থাপন হৈছে এতিয়া।

এনে খবৰো ওলাইছে যে হাগ্ৰামামহিলাৰীয়ে বিজেপিৰ তেনে পদক্ষেপৰ প্ৰতি ইতিবাচক সঁহাৰি নজনালে বা ৰাজনৈতিক বতাহকোনফালে বয়, সেই দিশত চিন্তা চৰ্চা কৰি মিত্ৰতাৰ হাত ইউপিপিএলৰ পক্ষে আগবঢ়াবনেকি? তেনেবোৰ প্ৰশ্ন আৰু বিটিআৰৰ শেহতীয়া ৰাজনৈতিক তৎপৰতা সন্দৰ্ভত একালৰ ছাত্ৰনেতা প্ৰমোদ বড়োক সোধা হৈছিল কেইটামান প্ৰশ্ন।

এনডিএফবি শান্তি প্ৰক্ৰিয়ালৈ অহাবুলি ক'লেও এতিয়াও বাহিৰতে আছে সংবিজিত। ঐতিহাসিক বড়ো চুক্তিত স্বাক্ষৰ কৰা সকলৰমাজতো ভালেকেইটা শিৱিৰ হৈছে। সেই সকলে বিটিআৰৰ নিৰ্বাচনত কোনে কাক সহায় কৰে বাপক্ষত থাকে, সেয়াও হ'ব লক্ষণীয়। কিন্তু এই কথা ঠিক যে, হাগ্ৰামা মহিলাৰী এতিয়াওঅপ্ৰাসংগিক হৈ পৰা নাই।

ইয়াৰ বিপৰীতে বিটিআৰ নিৰ্বাচনতজয়ী হোৱাৰ সপোন দেখিছে ইউপিপিএলে। ঐতিহাসিক বড়ো চুক্তি ৰূপায়ণ কিদৰে হ'ব আৰু ইয়াৰভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত প্ৰমোদ বড়োক সোধাত তেওঁ ক'লে- 'সেই সন্দৰ্ভত আমিসদায় সজাগ। এই চুক্তি অনুসৰি কাম কৰিব নোৱাৰিলে আমাকো ৰাইজে ৰেহাই নিদিব। পৰিবৰ্তনবিচাৰে এতিয়া সকলোৱে।'

প্ৰমোদ বড়োক সোধা হৈছিল- পৃথকবড়োলেণ্ড গঠনৰ দাবী আৰু কেতিয়াবা উত্থাপন হ'ব নেকি? তেওঁ ক'লে- 'সমস্যাবোৰ যদিসমাধান হয় তেন্তে কোনো ৰাজপথলৈ ওলাই নাহে। যদি প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই অহাতোবন্ধ হ'ব লাগে তেনেহ'লে চুক্তি অতি শীঘ্ৰে ৰূপায়ন হ'ব লাগে।'

পৃথক বড়োলেণ্ডৰ সন্দৰ্ভত এইদৰেক'লে প্ৰমোদ বড়োৱে। আনহাতে 'কা'ক অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইনক তেওঁলোকে সমৰ্থন কৰিবনে নকৰে বুলি সোধাত প্ৰমোদ বড়োৰ উত্তৰ আছিল- 'মই ইউ পি পি এলৰ সভাপতি হিচাপেএদিনহে হৈছে। এতিয়ালৈকে এই বিষয়টো আমি পাৰ্টীত আলোচনা কৰা নাই। খিলঞ্জীয়া মানুহৰস্বাৰ্থ যাতে ক্ষতি নহয়, তেওঁলোকৰ যি প্ৰাপ্য-অধিকাৰ তাৰ বাবে আমি সদায় মাত মাতিআহিছো আৰু মাতি যাম।'

'কা'ৰ সমৰ্থন নকৰে প্ৰমোদ বড়োৱে।এই সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া আছিল এনেধৰণৰ- 'সমৰ্থন কৰাৰ কোনো কথা নাই। আজি মইপাৰ্টী হিচাপে এই কথা কোৱা নাই। নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আমি ম'ভমেন্টত মৰেলছাপৰ্ট দি আহিছো। লাষ্ট ম'ভমেন্টটোত আমি জড়িত হোৱা নাই। কিন্তু বহুত মভমেন্টত আমিজড়িত হৈছিলো। লাষ্ট ম'ভমেন্টত আমাৰো বহুত ইছ্যু আহি গ'ল। আমাৰ হাততইমান ডাঙৰ এটা এছাইমেন্ট আছিলে। সেইকাৰণে জাতিটোক আমি এটা সমস্যাৰ পৰা উদ্ধাৰৰবাবে এই পন্থা লৈছিলো। সেই কাৰণে লাষ্ট ম'ভমেন্টত আমি জড়িত হ'ব নোৱাৰিলো।'

বিভিন্ন সময়ত তেওঁ বিটিআৰত সংঘটিতদুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ আহিছে। আঙুলি তুলিছিল বৰ্তমানৰ শাসনত থকা নেতৃত্বৰবিৰুদ্ধে। কি ধৰণৰ দুৰ্নীতি হৈছে, সেই কথা জানিব বিচৰাত তেওঁ উত্তৰ দিলে- 'কেগতস্পষ্ট হৈছে, ইয়াতে দুৰ্নীতি হৈছে। তিনিটা কেগ ৰিপৰ্ট ওলাইছে। আৰু মই বিচাৰোআপোনালোকে কেগৰ ৰিপৰ্ট প্ৰকাশ কৰিব লাগে। এই প্ৰতিবেদনবোৰ প্ৰকাশ পালে ৰাইজৰ চকুখোল খাব। চিডি ফাণ্ডৰ নামতো অহা ১০০ কোটি টকাত দুৰ্নীতি সংঘটিত কৰিছিল।'

আগন্তুক বিটিআৰ নিৰ্বাচনততেওঁলোকৰ বাবে মূলতঃ কোন প্ৰতিদ্বন্দ্বী হ'ব বুলি সোধা হৈছিল ইউপিপিএলৰসভাপতিগৰাকীক। তেওঁৰ মতে, কোনো ৰাজনৈতিক দল বা ব্যক্তিক মূল প্ৰতিদ্বন্দ্বী বুলিনাভাৱে- 'নাই নাই, আমাৰ প্ৰতিদ্বন্দ্বী হৈছে সমস্যা। সমস্যাই আমাৰ মূলপ্ৰতিদ্বন্দ্বী। কোনো ব্যক্তি আমাৰ প্ৰতিদ্বন্দ্বী নহয়।'

বিটিআৰত পৰিবৰ্তন বিচাৰেইউপিপিএলে। কেনে পৰিবৰ্তন বিচাৰে তেওঁলোকে? এয়া কেৱল ৰাজনৈতিক পৰিৱৰ্তন নে? কি হ'ববড়োভূমিত শংকিত হৈ থকা অনা-বড়ো সকলৰ ভৱিষ্যত? এই প্ৰশ্ন সন্দৰ্ভত প্ৰমোদ বড়োৰউত্তৰ আছিল- 'উদাৰতা মনোভাৱ সকলোৰে থাকিব লাগে। বিটিআৰ অঞ্চলৰ ৰাইজে এতিয়াপৰিৱৰ্তন বিচাৰিছে। আৰু সেই পৰিৱৰ্তন বিচৰা মনোভাৱক আমি সঁহাৰি জনাব লাগিব। কাৰণগণতন্ত্ৰখন ৰাইজৰে হয়, চৰকাৰখনো ৰাইজৰে হয়। তাত যদি এজন বা দুজন ব্যক্তিয়ে খামোচমাৰি ধৰি থাকে আৰু সদায় দুৰ্নীতি কৰে তেনেহলে সমাজখন কেনেকৈ আগুৱাই যাব? অঞ্চলটোৰকেনেকৈ উন্নয়ন হ'ব? সেইকাৰণে এই উদাৰতা মনোভাৱটো ল'ব লাগে। আৰুযিয়ে ভাল কাম কৰে তাৰ সৈতে মিলি-জুলি কাম কৰিব লাগে। তেতিয়াহে আমাৰ দেশ আৰুৰাজ্যখন আগুৱাই যাব।'

পৰিৱৰ্তন যে আহিব, সেয়া তেওঁকেনেদৰে নিশ্চিত হৈছে? তেওঁলোক শাসনলৈ আহিলে সলনি হৈ যাব নেকি সকলো? প্ৰমোদ বড়োৱেইয়াৰ উত্তৰত ক'লে- 'পৰিৱৰ্তন আমি কৰিব লাগিব। এনেটো আশা কৰি বহি থাকিলে নহ'ব। যদি আমিসকলোৱে মিলি কাম কৰে তেতিয়াহে পৰিৱৰ্তন আহিব। বিটিআৰ চুক্তি কৰা লোক কেইজনকেইটামান ব্যক্তি আৰু দলহে। সেই কেইজনমান ব্যক্তিয়েটো পৰিৱৰ্তন আনিব নোৱাৰিব যদিহেসৰ্বসাধাৰণ ৰাইজে ইয়াত যোগদান নকৰে। সেইকাৰণে আমাৰ দায়িত্ব ল'ব আমি ৰাইজকবিশ্বাস আৰু আস্থাত ল'ব লাগিব। আৰু ৰাইজেও আমাক বিশ্বাস-আস্থাত ল'ব লাগিব। আৰুতেতিয়াহে পৰিৱৰ্তন আহিব। আৰু পৰিৱৰ্তন অহাটো নিশ্চিত বুলি ভাবিছো। আগতে আমিৰাজনীতিত নাছিলো। দুই-এটা বিষয়ত মাজে সময়তে ছাপৰ্ট কৰি আহিছিলো। কিন্তু এতিয়াৰাজনীতিত ভৰি দি যি পৰিৱেশ দেখা পাইছো। বিভিন্ন জাতি-জনগোষ্ঠীৰ স্বতঃস্ফূৰ্তসমৰ্থন দেখিবলৈ পাইছো। সেইকাৰণে পৰিৱৰ্তন অহাটো নিশ্চিত বুলি ভাবিছো।'

এনডিএফবিৰ দুৰ্ধৰ্ষ কেডাৰ জিবিদাইকে ধৰি সকলো এই প্ৰক্ৰিয়াত চামিল হৈছেনে? কোনোবা ৰৈ গৈছে নেকি এই শান্তি প্ৰক্ৰিয়াতঅংশগ্ৰহণ কৰাৰ পৰা? ইউপিপিএলৰ বৰ্তমানৰ সভাপতি তথা ঐতিহাসিক বিটিআৰ চুক্তিৰ অন্যতমস্বাক্ষৰকাৰী প্ৰমোদ বড়োৱে ক'লে- 'তেখেতো আছে। এই প্ৰক্ৰিয়াটোৰ পৰা কোনো লোকবাহিৰত ৰৈ যোৱা নাই। সকলোৱে আছে এই প্ৰক্ৰিয়াটোত। হয়তো কোনো বিশেষ কাৰণত জি বিদাইকদেখা পোৱা হোৱা নাই।'

হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধেচিবিআইৰ তদন্ত দাবী কৰি আহিছে ইউপিপিএলৰ সভাপতিগৰাকীয়ে। আনকি শাসনলৈ আহিলেবৰ্তমানৰ বিটিচিৰ শাসক সকলৰ বিৰুদ্ধে চিবিআই তদন্ত দিব বুলি ঘোষণা কৰিছে। কিঅভিযোগ আছে তেওঁলোকৰ বিৰুদ্ধে? এই কথা সোধা হৈছিল প্ৰমোদ বড়োক। ইয়াৰ উত্তৰ দিলেতেওঁ এইদৰে- 'সেই তালিকাখন মই এতিয়া দিব বিচৰা নাই। ইতিমধ্যে সংবাদমাধ্যমত সেইসন্দৰ্ভত খবৰ প্ৰকাশ পাইছে। কি কি দুৰ্নীতি কৰিছে ৰাজহুৱা গৈছে। পি চিদাম্বৰাম জে'ললৈ গ'ল। শাসনতথাকিলে পি চিদাম্বৰাম জে'ললৈ নগ'লহেঁতেন। দেশৰ আইনগত প্ৰক্ৰিয়া অনুসৰি কোনো লোকে দুৰ্নীতিকৰিলে সাৰি যাব নোৱাৰে। আজি ময়ো তেনেকুৱা কিবা কাম কৰিলে উপযুক্ত শাস্তি এই চিষ্টেমৰদ্বাৰা পাব লাগে।'

বিটিআৰ চুক্তি স্বাক্ষৰিত কৰাৰসময়ত বড়ো অধ্যুষিত নতুন অঞ্চল ইয়াৰ অন্তৰ্ভূক্ত কৰা আৰু অনা-বড়ো গাঁওসমূহবিটিআৰৰ পৰা কৰ্তন কৰিবলৈ এখন কমিটী গঠন কৰাৰ কথা আছিল। সেই কমিটী গঠন হ'লনে? এইবিষয়ে জানিব বিচৰাত তেওঁৰ উত্তৰ আছিল- 'এতিয়ালৈকে কমিটীখন গঠন হোৱা নাই। ইয়াক লৈকোনোৱেই শংকিত হোৱাৰ প্ৰয়োজন নাই। ৰাজনৈতিক স্বাৰ্থত কিছু লোকে এই ভুৱা খবৰওলাইছে। ইয়াক লৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই। ভাৰতৰ সংবিধানে ভাৰতীয় নাগৰিকক ক্ষতিকৰি কোনো এটা জাতি বা জনগোষ্ঠীক অধিকাৰ প্ৰদান নকৰে। ইয়াত জেনেৰেল কাষ্টৰ লোকৰবাবেও ৰিজাৰ্ভ ছীট আছে, যিটো ভাৰতৰ আন কোনো ঠাইত নাই। গতিকে কোনোৱে ভয় বা শংকিতহোৱাৰ কাৰণ নাই।'

প্ৰমোদ বড়ো ছাত্ৰনেতা হিচাপে সফলহ'ব পাৰে। কিন্তু এইবাৰ ৰাজনীতিবিদ হিচাপে যে তেওঁ সফল হ'ব সেই আস্থা ৰাইজে কেনেকৈকৰিব? ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ অহা বহু নেতাই ইতিমধ্যে ব্যৰ্থতাৰপৰিচয় দিছে। কেৱল ব্যক্তিস্বাৰ্থত গুৰুত্ব দি তেওঁলোকে ক্ষমতা লাভৰ পাছত কাম কৰাৰহে উদাহৰণ আছে। ৰাইজৰ স্বাৰ্থলৈ পিঠি দিয়া এনে নেতাসকলে পাহৰি যায় পূৰ্বৰপ্ৰতিশ্ৰুতি। প্ৰমোদ বড়োৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয় বুলি ৰাইজে কেনেদৰেবিশ্বাস কৰিব? এই প্ৰশ্নৰ উত্তৰ দি প্ৰমোদ বড়োৱে ৰাজনীতি তেওঁৰ নিচা বা পেছা নহয়বুলি উল্লেখ কৰিলে। তেওঁ ক'লে- 'মোৰ কাৰণে ৰাজনীতি নিচাও নহয় পেচাও নহয়। ৰাজনীতিমোৰ লক্ষ্যও নহয়। এয়া মোৰ কাৰণে এটা এছাইমেন্ট আৰু প্ৰজেক্ট। দুৰ্নীতি চৰকাৰখনআঁতৰাই এজন ভাল নেতাক দায়িত্ব দিব লাগে। আৰু উন্নয়ন স্থবিৰ হৈ পৰিছে, তাক গতি দিবলাগে। এটা জাতিৰ আনটো জাতিৰ পৰা যি ভয়ৰ সৃষ্টি হৈছে সেয়া অপশাসনৰ বাবে হৈছে। সকলোমানুহ, জাতি-জনগোষ্ঠীৰ বিশ্বাস ঘূৰাই অনা দিনাহে মোৰ প্ৰজেক্ট সম্পূৰ্ণ হ'ব।'

বিজেপিয়ে আগন্তুক বিটিআৰনিৰ্বাচনত ইউপিপিএলৰ সৈতে মিত্ৰতা কৰিব নেকি? চলিছে নেকি তেনে আলোচনা? তেওঁৰ মুখতশুনা পোৱা গৈছিল বিজেপিৰ গুণ গান। লক্ষ্য কৰি লৈছে হাগ্ৰামাক। ইয়াৰ অন্তৰালত কিউদ্দেশ্য আছে? প্ৰমোদ বড়োৰ উত্তৰ আছিল এই ধৰণৰ- 'প্ৰশ্নটো উত্থাপন হৈছে মানুহৰমাজত। এই সন্দৰ্ভত কোনো আনুষ্ঠানিকভাৱে আলোচনাও হোৱা নাই। বড়োচুক্তি সম্পন্নহোৱাৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু কেইজন নেতা-মন্ত্ৰীৰ সৈতেআলোচনাত হৈছিল। সেই কাৰণহে হয়তো এই সন্দেহ কৰা হৈছে। কিন্তু ৰাজনীতিৰ ক্ষেত্ৰতআজিলৈকে আমাৰ মাজত তেনেধৰণৰ কোনো আলোচনা হোৱা নাই। এই সন্দৰ্ভত আমাৰ দলত কোনোআলোচনা হোৱা নাই। যিহেতু বিজেপি এটা বৃহৎ দল গতিকে এই সন্দৰ্ভত আলোচনা কৰা হ'ব। বিজেপিৰসভাপতি ৰঞ্জিত দাসে সংবাদমাধ্যমৰ আগত মাজে সময়ে কৈছে যে তেওঁলোকে অন্য দলৰ সৈতেমিলি আগবাঢ়িব। সেই উদাৰতা মনোভাৱক মই ধন্যবাদ জনাইছো।'

বড়ো ভূমিত এতিয়া বিভিন্নৰাজনৈতিক সমীকৰণৰ লৈ ব্যস্ত মানুহ। এফালে প্ৰমোদ বড়ো, আনফালে হাগ্ৰামা মহিলাৰী।বিজেপিয়ে শেষ মুহূৰ্তত কাক আঁকোৱালি লয়, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। প্ৰয়োজনতসংগী সলনি হ'ব পাৰে বুলি কৈ থৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

দেখা পোৱা গৈছিল বড়ো চুক্তিস্বাক্ষৰ হোৱাৰ সময়ত নাম মাত্ৰহে অস্ত্ৰ শস্ত্ৰ জমা দিছিল এনডিএফবি কেডাৰ সকলে।এনে শংকাও এতিয়া কিছুৱে কৰে- এনডিএফবি কেডাৰ সকলে তেওঁলোকৰ হাতত মজুত থকা গৰিষ্ঠসংখ্যক অস্ত্ৰ শস্ত্ৰই জমা  নিদিলে। সেইঅভিযোগৰ আধাৰত আগন্তুক বিটিআৰ নিৰ্বাচনত লুকাই থোৱা এনে অস্ত্ৰৰ জনজননি শুনিবলৈপোৱা যাব নেকি? নিৰ্বাচনৰ নামত আকৌ ৰক্তাক্ত হ'ব নেকি বড়োভূমি!

ইতিমধ্যে বিটিআৰত বলিছে ৰাজনীতিৰবতাহ। বিপিএফৰ কৰ্মীক হত্যা কৰাৰ ঘটনাই সেই ইংগিতেই বহন কৰিছে নেকি? হাগ্ৰামামহিলাৰীৰ ক্ষেত্ৰত বিজেপি নেতৃত্বৰ আস্থা পূৰ্বৰ দৰেই থাকিবনে? কিয়নো বড়ো চুক্তিস্বাক্ষৰ কৰাৰ পাছত বড়োভূমিত এক আবেগে ক্ৰিয়া কৰিব। সেই আবেগৰ ঢৌত বিজেপিয়ে কাককাষ চপাই ল'ব, সেয়া এতিয়াই কোৱা টান। কিন্তু এই কথা ঠিক যে, বড়োভূমিত হাগ্ৰামামহিলাৰী এতিয়াও অপ্ৰাসংগিক হৈ পৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in