৫ ডিচেম্বৰত অন্ত পৰিব বিটিচি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ, ৭ ডিচেম্বৰত ২১ টা সমষ্টিত ভোটগ্ৰহন…

৫ ডিচেম্বৰত অন্ত পৰিব বিটিচি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ, ৭ ডিচেম্বৰত ২১ টা সমষ্টিত ভোটগ্ৰহন…

ডিজিটেল ডেস্ক : বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বিটিচিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ।বিজেপি, ইউপিপিএল, বিপিএফ, গণ সুৰক্ষা পাৰ্টি, কংগ্ৰেছ,এআইইউডিএফ আদি সকলো দলে অব্যহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ । দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব লগীয়া বিটিচি নিৰ্বাচনৰ ৭ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ আৰু ১০ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ।

৭ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া প্ৰথম পৰ্যায় নিৰ্বাচন ওদালগুৰি আৰু বাস্কা জিলাত অনুষ্ঠিত হ'ব ।প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ সামৰনি পৰিব ৫ ডিচেম্বৰত । ওদালগুৰি জিলাৰ ১০ টা আৰু বাস্কা জিলাৰ ১১ টা সমষ্টিত অনুষ্ঠিত হ'ব । প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সৰ্বমুঠ ২১ টা সমষ্টিত অনুষ্ঠিত হ'ব ।

ইপিনে ১০ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হ'ব । কোকৰাঝাৰ আৰু চিংৰাং জিলাত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । বিটিচি নিৰ্বাচনত ২৪১ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অবৰ্তীৰ্ন হ'ব । বিটিচিৰ ৪০ খন আসনৰ ভিতৰত ৩০ খন অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত হোৱাৰ লগতে ৫ খন অ জনজাতিৰ বাবে সংৰক্ষিত । ৫ খন আসন অসংৰক্ষিত ।

বিটিচি নিৰ্বাচনৰ বাবে আইন শৃখলা জনিত পৰিস্থিতিৰ যাতে অৱনতি নঘটে তাৰ বাবে ৩০ টা নিৰাপত্তাৰক্ষীৰ কোম্পানী আৰু ৫ টা ফ্লায়িং স্কোৱাড গঠন কৰা হৈছে । ইফালে বিটিচি নিৰ্বাচন বেলট পেপাৰৰ জৰিয়তে ভোটগ্ৰহন কৰা হ'ব ।

ইফালে বেলট বস্ক সাল সলনিৰে শাসকীয় বিজেপিয়ে প্ৰশাসন ব্যৱহাৰ কৰি ৰেগিং কৰা সুযোগ ল'ব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে বিপিএফৰ নেতৃত্বই । সেয়েহে এই নিৰ্বাচন যাতে সুচাৰু ৰূপে অনুষ্ঠিত হয় তাৰ বাবে নিৰ্বাচন আয়োগক সুক্ষ্ম দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাইছে দলটোৰ একাংশ নেতৃত্বই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in