বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল ১০ প্ৰাৰ্থীৰ

বিটিচি পৰিষদীয় নিৰ্বাচনৰ কাৰণে সোমবাৰে ইউপিপিএল, জিএছপি, অবড়ো সুৰক্ষা সমিতি, ভিপিআই, নিৰ্দলীয়কে ধৰি ১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

author-image
Asomiya Pratidin
New Update
xx

ডিজিটেল সংবাদ, বাক্সাঃ ২২ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে সোমবাৰে ইউপিপিএল, জিএছপি, অবড়ো সুৰক্ষা সমিতি, ভিপিআই, নিৰ্দলীয়কে ধৰি ১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰাৰ্থীসকলে বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয়ত নিজ নিজ সমষ্টিৰ নিৰ্বাচনী কোষত জমা দিয়ে মনোনয়ন পত্ৰ।

সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰে ইউপিপিএলৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, ২২ নং ক'কলাবাৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী মন্টু বড়ো, ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী তথা বৰমা সমষ্টিৰ বিধায়ক  ভূপেন বড়ো আৰু ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী তথা বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ।

একেদৰে দিন-বাৰ-সময় চাই মনোনয়ন পত্ৰ দাখিল কৰে গণ সুৰক্ষা পাৰ্টীৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা বিটিচিৰ এমচিএলএ ঘনশ্যাম দাসে । আনহাতে অবড়ো সুৰক্ষা সমিতিৰ নেতা বিকাশ পাঠকে ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ পৰা আৰু মনমোহন মদাহিয়ে ক'কলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে। নিৰ্বাচনক লৈ আশাবাদী প্ৰতিগৰাকী প্ৰাৰ্থী।

মনোনয়ন পত্ৰ দাখিল