শেহতীয়া খবৰ
সোণাৰিত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ  •  হোজাইত গৰাকীবিহীন এল্ট’ উদ্ধাৰ  •  কাশ্মীৰ ভাৰতৰ অংশ আছিল, আছে আৰু থাকিবঃ শ্বাহিদ আফ্ৰিদীক প্ৰত্যুত্তৰ গৃহমন্ত্ৰীৰ, VIDEO  •  কাশ্মীৰ ভাৰতৰ অংশ আছিল, আছে আৰু থাকিবঃ শ্বাহিদ আফ্ৰিদীক প্ৰত্যুত্তৰ গৃহমন্ত্ৰীৰ, VIDEO  •  আজি আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক হাজিৰ কৰোৱা হ’ব আদালতত  •  ছয়গাঁৱত টিকট প্ৰদানৰ নামত বিধায়ক ৰেকিবুদ্দিনৰ বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ অভিযোগ  •  আং ছান ছ্যু-চিৰ সন্মান ঘূৰাই ল'লে এমনেষ্টিয়ে  •  মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত অসম  •  মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত অসম  •  হিমাচল প্ৰদেশত তুষাৰপাত, হ্ৰাস পাইছে তাপমাত্ৰা

এছিয়ান গেমছলৈ নিৰ্বাচিত প্ৰমিলাক অভিনন্দন বিটিচি প্ৰশাসনৰ

263

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ খেলৰ প্ৰতি থকা ধাউতি আৰু কঠোৰ অনুশীলনৰ বাবেই অৱশেষত এছিয়ান গেমছলৈ আৰ্চাৰ প্ৰমিলা দৈমাৰী নিৰ্বাচিত হোৱাত কোকৰাঝাৰত আনন্দৰ বন্যা বৈছে৷

আৰ্চাৰী খেলুৱৈ প্ৰমিলা দৈমাৰীয়ে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অহা ১৮ আগষ্টৰ পৰা ২ ছেপ্তেম্বৰলৈ হ’বলগীয়া এছিয়ান গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব।

জাকাৰ্টালৈ ৰাওনা হোৱাৰ পূৰ্বে আজি প্ৰমিলা দৈমাৰীৰ অনুশীলন কেন্দ্ৰ তথা কোকৰাঝাৰৰ ছাই কমপ্লেক্সত বিটিচিৰ খেল বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীসহ প্ৰমীলাৰ বহু কেইগৰাকী সংগী খেলুৱৈ আৰু প্ৰশিক্ষকসকলে উৎফুল্লিত হৈ প্ৰমিলাক অভিনন্দন জ্ঞাপন কৰে।

ছাই কমপ্লেক্সত বিটিচি কাৰ্যবাহী সদস্য দনেস্বৰ গয়াৰীয়ে প্ৰমীলা দৈমাৰীক অভিনন্দন জ্ঞাপন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল তথা এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ কামনা কৰিছে।

আৰ্চাৰী প্ৰমিলা দৈমাৰীক ইতিমধ্যে বিটিচি কৰ্তৃপক্ষৰ পৰা যাৱতীয় সহায় সহযোগিতা আগবঢ়াই থকা হৈছে বুলি জানিবলৈ দি যোৱা বৰ্ষৰ বিটিচি চুক্তি দিৱসত খেলুৱৈগৰাকীক  বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সম্বৰ্ধনা জনোৱা হৈছিল বুলি সদৰী কৰে দনেশ্বৰ গয়াৰীয়ে।

বিশ্বজয়ৰ লক্ষ্যৰে বিটিচিৰ ওদালগুৰি জিলাৰ খাগ্ৰাবাৰীৰ এখন অখ্যাত গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা প্ৰমিলা দৈমাৰী ইতিমধ্যে এছিয়ান গেমছৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত হোৱাত খেলুৱৈগৰাকীক বিভিন্ন দল-সংগঠনে অভিনন্দন জনাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি