১০ মাহে নাপালে বেতন! অৱশেষত বিএছএনএলৰ কৰ্মচাৰীৰ আত্মহত্যা…

421

ডিজিটেল ডেস্কঃ ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বিএছএনএলৰ এজন কৰ্মচাৰীয়ে বৃহস্পতিবাৰে বাচি ল’লে আত্মহননৰ পথ। যোৱা ১০ মাহে বেতন লাভ নকৰাৰ ফলতেই কৰ্মচাৰীগৰাকীয়ে চীপ লৈ আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কেৰালাৰ ৰামকৃষ্ণণ জিলাৰ বণ্ডুৰৰ নিবাসী এই কৰ্মচাৰীগৰাকীয়ে বিএছএনএল কাৰ্যালয়ত চাফাই কৰ্মী হিচাপে বিগত ৩০ বছৰে কাম কৰি আছিল।

ইফালে, শ্ৰমিক সংঘৰ এগৰাকী নেতাই জনাই যে, কৰ্মচাৰীগৰাকীয়ে যোৱা ১০ মাহে লাভ কৰা নাছিল বেতন। আৰু যোৱা ১৩০ দিনে তেওঁ নিজৰ প্ৰাপ্য ধনৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু অৱশেষত উপায়ন্তৰ হৈ আত্মহত্যা কৰিলে কৰ্মচাৰীগৰাকীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি