বৰপেটাৰ কাৱৈমাৰীত নৃশংস হত্যাকাণ্ড…

বৰপেটাৰ কাৱৈমাৰীত নৃশংস হত্যাকাণ্ড…

ডিজিটেল সংবাদ বৰপেটাঃ বৰপেটা জিলাৰ কাৱৈমাৰীত আজি এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় ৷ পাৰিবাৰিক সংঘাততে শহুৰেকৰ পৰিয়ালত জেৱায়েকৰ দলৱদ্ধ আক্ৰমনত নিহত হয় খুলশালীয়েকৰ ৷ নিহত যুৱকজনৰ নাম নজৰুল ইছলাম ৷ এই হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত চাঞ্চল্যৰ সষ্টি হয়৷ ভিনিহিয়েকৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হোৱা নজৰুলক বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন কৰা হয় যদিওঁ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় নজৰুল ইছলামৰ ৷

বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত কাৱৈমাৰী ৯ নং ব্লকত সংঘটিত হয় এই নৃশংস হত্যাৰ ঘটনা ৷ জোৱায়েক আমিদুল আলীৰ নেতৃত্বত ৰহিম বাদছা, আব্দুৰ আলী আৰু আজিমুদ্দিন নামৰ চাৰিজনীয়া দল এটাই শহুৰেকৰ পৰিয়ালৰ লোকৰ ওপৰত আক্ৰমন চলাই খুলশালীয়েক নজৰুল ইছলামক কোবোৱাৰ পিছত গুৰুতৰ ভাবে আহত হোৱাৰ পিছত হাস্পতালত ভৰ্তি কৰে যদিও তাতে তেওঁৰ মৃত্যু হয় ৷

উক্ত আক্ৰমনৰ ঘটনাত নজৰুলৰ পত্নী ইলিজা বেগম, পিতৃ মিৰজান আলী আৰু মাতৃ সুন্দৰী বেগমো আহত হয় ৷ উল্লেখ্য যে, মিৰজান আলীৰ কন্যা জমলা খাতুনক বিয়া দিছিল আমিদুল আলিৰ লগত ৷ বিয়াৰ পিছৰে পৰা দুয়োখন ঘৰৰ মাজত সৃষ্টি হৈছিল ঘৰুৱা কন্দল ৷ এই কন্দলৰ বাবেই জমলা খাতুনক পিতৃ মিৰজান আলীয়ে ৬ মাহ আগত কৰিছিল তেজ্যপুত্ৰী ৷ উক্ত ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ স্থানীয় ৰাইজে হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী তুলিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in