১০ মাহত ৪৩ বাৰ কোৰোনাত আক্ৰন্ত এজন ব্যক্তি…

১০ মাহত ৪৩ বাৰ কোৰোনাত আক্ৰন্ত এজন ব্যক্তি…

ডিজিটেল ডেস্ক: কোভিডৰ সন্ত্ৰাসৰ মাজতেই এটা আচৰিত ঘটনা পোহৰলৈ আহিছে আমি সকলোৱে জানো যে সাধাৰণতে কোভিডত আক্ৰান্ত লোকক  দুটা সপ্তাহ একাষৰীয়া ৰাখিলে বা চিকিৎসালয়ত ভৰ্তি কৰাই এমাহৰ ভিতৰত আৰোগ্যতা লাভ কৰোৱাব পৰা যায়। ভাৰতত এই দৰে ২ কোটিৰো অধিক লোকে আৰোগ্যতা লাভ কৰিছে । কিন্ত ব্ৰিটেইনৰ এজন কোভিড আক্ৰান্ত ৰোগীয়ে হতভম্ব কৰিছে বিশ্বৰ চিকিৎসা বিজ্ঞানক কিয়নো ব্ৰিটেইনৰ এজন ৭২ বছৰীয়া বৃদ্ধ ব্যক্তিৰ দেহত ১০ মাহ কোৰোনা উপস্থিত থকাৰ খবৰ পোহৰলৈ আহিছে। কোৰোনা ভাইৰাচৰ জন্মলগ্নৰে পৰা বিশ্বৰ সৰ্ব প্ৰথম আৰু একমাত্ৰ দীৰ্ঘদিনিয়া কোৰোনা আক্ৰান্ত ৰোগী এইজন।

বিশ্বৰ বিৰল কোভিড ৰোগীজনৰ নাম ডেভ স্মিথ। তেঁও পশ্চিম ইংলেণ্ডৰ ব্ৰিষ্টলৰ এজন অৱসৰপ্ৰাপ্ত ড্ৰাইভিং প্ৰশিক্ষক। আপুনি জানি আচৰিত হ'ব যে এইগৰাকী ৭২ বছৰীয়া বৃদ্ধৰ দেহত  ৪৩ বাৰ কোভিডৰ উপস্থিতি ধৰা পৰিছিল। ২০২০ বৰ্ষৰ মাৰ্চ মাহত প্ৰথম বাৰৰ বাবে তেওঁ কোভিডত আক্ৰান্ত হৈছিল আৰু প্ৰায় ৩০৫ দিন তেওঁ কোৰোনাত আক্ৰান্ত হৈ আছিল এই সময়চোৱাত তেওঁক ৭ বাৰকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। স্মিথ পুৰ্বৰ পৰা হাঁওফাঁওৰ ৰোগত আক্ৰান্ত আছিল আৰু শেহতীয়াকৈ লিউকেমিয়াৰ নামৰ ৰোগৰ পৰা আৰোগ্য হৈছিল আৰু তাৰ পাছতেই দীৰ্ঘদিনৰ বাবে কোৰোনাত আক্ৰান্ত হৈছিল।

স্মিথৰ চিকিৎসা কোনো আনুষ্ঠানিক কোৰোনা পৰীক্ষণৰ অংশ নাছিল কিন্তু তেওঁৰ দেহত ১০ মাহ ধৰি উপস্থিত থকা কোৰোনা ভাইৰাছৰ নমুনা এতিয়া ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ ভাইৰোলজিষ্ট এণ্ড্ৰিউ ডেভিডছনে অধ্যয়নৰ আৰু পৰীক্ষণৰ অংশ হিচাপে লৈছে। অৱশেষত বহু প্ৰচেষ্টাৰ অন্তত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়োটেক ফাৰ্ম ৰেজিনৰনৰ দ্বাৰা সংশ্লেষিত এণ্টিবডীৰ ককটেলৰ সৈতে চিকিৎসা কৰাৰ পিছত সম্পূৰ্ণ ৩০৫ দিনৰ ভিতৰত স্মিথ আৰোগ্য হৈছে। স্মিথৰ দেহত ধৰা পৰা কোৰোনাৰ এই লক্ষণৰ বিষয়ে কোনো ধৰনৰ তথ্য এতিয়াও নাই চিকিৎসা বিজ্ঞানত ষ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in