বটদ্ৰৱা থানত তিনিকোটি ব্যয়সাপেক্ষ বিভিন্ন উন্নয়নমূলক কাম তৰান্বিত কৰাত গুৰুত্ব নৱ নিযুক্ত উপাযুক্ত যাদৱ শইকীয়াৰ

বটদ্ৰৱা থানত তিনিকোটি ব্যয়সাপেক্ষ বিভিন্ন উন্নয়নমূলক কাম তৰান্বিত কৰাত গুৰুত্ব নৱ নিযুক্ত উপাযুক্ত যাদৱ শইকীয়াৰ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্মস্থানখনিৰ উন্নয়ন কল্পে অসম চৰকাৰে ইতিমধ্যেই বিগত বিত্তীয় বৰ্ষত আগবঢ়োৱা প্ৰায় তিনি কোটি টকাৰে বটদ্ৰৱা থানত ৰূপায়ন কৰিবলগীয়া বিভিন্ন আঁচনি সন্দৰ্ভত মঙলবাৰে নগাঁও জিলাৰ নৱ নিযুক্ত উপায়ুক্ত তথা চৰকাৰীভাৱে গঠিত শ্ৰীশ্ৰী বটদ্ৰৱা থান উন্নয়ন সমিতিৰ অধ্যক্ষ যাদৱ শইকীয়া লগত বটদ্ৰৱা থান পৰিচালনা সমিতি এক সৌহাদ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হৈ যায় ।

শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা বটদ্ৰৱা থান উন্নয়ন সমিতিৰ সদস্য সচিৱ দেবানন্দ দেৱ গোস্বামী, কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সাধাৰন সম্পাদক ইন্দ্ৰ মোহন বৰুৱা প্ৰমুখ্য কেইবাগৰাকীও কাৰ্যকৰী সদস্যই ভাগ লোৱা আলোচনাত থানখনত আৰম্ভ হবলগীয়া উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত নৱ নিযুক্ত উপাযুক্তগৰাকীক বিশদভাৱে অবগত কৰি উদ্যমী প্ৰশাসনীক বিষয়াগৰাকীৰ তত্বাবধানত বটদ্ৰৱা থানে এক নৰূপ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷

নগাঁও জিলা উপাযুক্ত তথা বটদ্ৰৱা থান উন্নয়ন সমিতিৰ অধ্যক্ষ যাদৱ শইকীয়াই থানখনৰ উন্নয়নৰ অৰ্থে অসম চৰকাৰৰ পুৰাতত্ব বিভাগৰ জৰিয়তে আগবঢ়োৱা প্ৰায় তিনি কোটি টকাৰ এশ শতাংশ সদ্ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে তেওঁ প্ৰত্যক্ষ নিৰীক্ষণত প্ৰতিটো আচঁনিৰ কাম তৰান্বিত কৰা হব বুলি 'অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰন'ক জানিবলৈ দিয়ে ৷ এই ক্ষেত্ৰত থান পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজ তথা সংবাদমাধ্যমেও যাতে দৃষ্টি ৰাখি সহায় সহযোগীতা আগবঢ়ায় তাৰ বাবে তেওঁ আহ্বান জনায় ৷ পিছত উপায়ুক্তগৰাকীয়ে আচঁনি ৰূপায়িত হবলগীয়া স্থানসমূহ পৰিদৰ্শনো কৰে ৷

ইপিনে মংগলবাৰেই স্থানীয় বিধায়িকা আঙুৰলতা ডেকা বটদ্ৰৱা থানত উপস্থিত হৈ থানৰ উন্নয়ন মূলক কাম কাজৰ বুজ লয় ৷ বিধায়িকাগৰাকীয়ে টেলিফোনত মুখ্যমন্ত্ৰীৰ লগত থান পৰিচালনা সমিতিৰ যোগাযোগ কৰাই দিয়াত অসম চৰকাৰে চলিত বিত্তীয় বাজেটত বটদ্ৰৱা থানৰ উন্নয়ন কল্পে ধাৰ্য কৰা ১৫৫ কোটিৰ ধনৰ বাবে আৰু থান পৰিচানলা সমিতি তথা বটদ্ৰৱাবাসীৰ হৈ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰা হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in