বৰলীয়া নৈত ৰাইজে সাজিলে বাঁহৰ দলং

বৰলীয়া নৈত ৰাইজে সাজিলে বাঁহৰ দলং

ডিজিটেল সংবাদ, ৰঙিয়াঃ বানপানীৰ লগতে যাতায়তৰ একমাত্ৰ সমল বাঁহৰ দলঙখন বছৰি পানীত উটি যোৱাটো যেন বৰলীয়া নৈৰ পাৰৰ লাহাপাৰা অঞ্চলৰ ৰাইজৰ বাবে এতিয়া সাধাৰণ ঘটনা হৈ পৰিছে।

লাহাপাৰা, হাতীমূৰা, চেনীমাৰা, ঢেপাৰগাঁও, কাউৰবাহা, বৰঘুলি, বটাবাৰী, তুলসীবাৰী, তৰণী, চিকণিবাৰী সমন্নিতে আৰু কেইবাখনো গাঁৱৰ সংযোগৰ একমাত্ৰ ব্যৱস্থা, সেই অঞ্চলত বৰলিয়াৰ ওপৰৰ একমাত্ৰ বাঁহৰ দলংখন পুনৰ এই বছৰৰ বানত উটি গ'ল।

দলংখন উটুৱাই নিয়াৰ পাছত যোৱা কেইদিনমান ধৰি ৰাইজে বিপদ সংকুলভাৱে কলৰ ভূঁৰ আৰু টুলুঙা নাৱেৰে অহা-যোৱা কৰি আছে। ছাত্র-ছাত্ৰীৰ স্কুললৈ যোৱাৰ অসুবিধাৰ লগতে ঠাইখনৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো প্ৰতিকুল প্ৰভাৱ পৰিছে দলংখন নোহোৱা বাবে।

নৈখন পাৰ হৈয়েই অলপ দূৰত্ত্বত থকা বজাৰখনলৈও যোৱাত অসুবিধা হৈছে ৰাইজৰ। পকী দলং এখনৰ বাবে বাট চাই চাই ৰাইজে এতিয়া যোৱা কেইবা বছৰৰ পৰা নিজে নিৰ্মাণ কৰে দলং।

লক্ষণীয়ভাৱে, নৈখন বিটিচি আৰু কামৰূপৰ সীমাৰে প্ৰবাহমান। যাৰ ফলত দুয়ো ফালৰ কৰ্তৃপক্ষই দলংখনৰ নিৰ্মাণৰ ক্ষেত্ৰত গা এৰা দিয়া মনোভাৱ লৈছে বুলিও ৰাইজৰ অভিযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in