ভোগালীৰ আনন্দ উলাহৰ সময়তে মালিবাৰীত শোকৰ ছাঁ…

ভোগালীৰ আনন্দ উলাহৰ সময়তে মালিবাৰীত শোকৰ ছাঁ…

ডিজিটেল সংবাদ দুমুনিচকী: ভোগালী বিহুৰ আনন্দ উলাহৰ সময়তে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মালিবাৰীৰ বৰ্ণালী নাথে (৩৬) মঙলবাৰে নিশা নিজৰ স্বামী গৃহত শেষ নিশ্বাস ত্যাগ কৰে। মালিবাৰীৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিপিন চন্দ্ৰ নাথ আৰু লপিতা নাথৰ একমাত্ৰ কন্যা সন্তান বৰ্ণালীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বৃহত্তৰ মালিবাৰী অঞ্চলৰ একালৰ সহপাঠী সকল শোকত মৃয়মান হৈ পৰে।

স্বভাৱসুলভ ভাবে অতি অমায়িক তথা মালিবাৰী বাসীৰ আদৰ বোটলিবলৈ সক্ষম হোৱা বৰ্ণালীয়ে স্কুলীয়া শিক্ষাৰ পিছত বেজেৰা আঞ্চলিক মহাবিদ্যালয়ত অধ্যয়ন কৰি দৰঙৰ বৰদৌলগুৰীৰ এজন ব্যৱসায়িৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। বৈবাহিক জীৱনৰ সাক্ষী হিচাপে এটা পুত্ৰ আৰু এটি কন্যা সন্তানৰ মাতৃ হোৱা বৰ্ণালীয়ে বিগত প্ৰায় ৭ মাহ পূৰ্বৰ পৰা পেতত তীব্ৰ বিষ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। যাৰ বাবে প্ৰথমে মঙলদৈ আৰু গুৱাহাটীত চিকিৎসা গ্ৰহণ কৰি আৰোগ্য নোহোৱাত উন্নত চিকিৎসা গ্ৰহণৰ বাবে বহি:ৰাজ্য চেন্নাইলৈ লৈ যোৱা হয়।

চেন্নাইত প্ৰায় ৪ মাহ ধৰি বৰ্ণালীৰ চিকিৎসা কৰোৱা হয়। দীৰ্ঘদিন ধৰি চিকিৎসা গ্ৰহণৰ পিছতো আশানুৰূপ ফল লাভ নকৰাত কেইদিনমান পূৰ্বে স্বামীগৃহলৈ লৈ আহে যদিও মঙলবাৰে নিশা প্ৰায় ৯ বজাত স্বামী গৃহত বৰ্ণালীয়ে শেষ নিশ্বাস ত্যাগ‌‌ কৰে। বৰ্ণালীৰ অকাল মৃত্যুৰ খবৰে পিতৃ গৃহ মালিবাৰীৰ লগতে স্বামী গৃহ বৰদৌলগুৰীটো শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ সময়ত বৰ্ণালীয়ে স্বামীৰ লগতে পুত্ৰ আৰু কন্যাক ইহ-সংসাৰত এৰি থৈ যায়। বুধবাৰে দিনৰ ভাগত মৃত বৰ্ণালীৰ শেষকৃত সম্পন্ন কৰা হয়। উল্লেখ্য যে বৰ্ণালী আমিনগাঁৱস্থ দণ্ডাধীশৰ কাৰ্যালয়ত পত্ৰবাহক হিচাপে কৰ্মৰত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in