বৰিবজাৰ আৰক্ষীৰ জালত ড্ৰাগছসহ তিনিটা দুধৰ্ষ সৰবৰাহকাৰী…

বৰিবজাৰ আৰক্ষীৰ জালত ড্ৰাগছসহ তিনিটা দুধৰ্ষ সৰবৰাহকাৰী…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমগ্ৰ ৰাজ্যেতে প্ৰশাসনে ড্ৰাগছ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ সমান্তৰালকৈ বটদ্ৰৱাৰ বৰিবজাৰ আৰক্ষীয়েও অব্যাহত ৰাখিছে অভিযান। বৰিবজাৰ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন কোঁৱৰৰ নেতৃত্বত সোমবাৰে বৰিবজাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তিনিতকৈ ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। ড্ৰাগছ ব্যৱসায়ী কেইটা ক্ৰমে- উত্তৰ শিলপুখুৰীৰ চেলিম জাবেদ(৩০), ভোমোৰাগুৰি শান্তিজান পাৰৰ আছিকুল ইছলাম(২০) আৰু টুকটুকীৰ চাদ্দাম হুছেইন (২৮)।

উক্ত ড্ৰাগছ ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে ২টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ, ১৪ টা খালি কনটেইনাৰ, ১৩ হেজাৰ নগদ ধনৰ লগতে AS-02-J-0041নম্বৰৰ এখন ছুইফট ডিজায়াৰ গাড়ীও জব্দ কৰে। একেই অভিযানত বৰিবজাৰ আৰক্ষীয়ে পৰলীগুৰিৰ পৰা বিলুপ্তিপ্ৰায় দুটা শৰালি হাঁহ, চাৰিটা ডেকৰ চৰাই আৰু চাৰিটা সজাত বান্ধি কৰি ৰখা কাম চৰাই উদ্ধাৰ কৰি বনবিভাগৰ হাতত চমজাই চমজাই দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in