বৰহোলাৰ জয়ন্ত বৰাৰ হত্যাকাণ্ড বিজেপি চৰকাৰৰ মুক্তহত্যাৰ  জল-জল পট-পট নিদৰ্শনঃ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা…

বৰহোলাৰ জয়ন্ত বৰাৰ হত্যাকাণ্ড বিজেপি চৰকাৰৰ মুক্তহত্যাৰ  জল-জল পট-পট নিদৰ্শনঃ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা…

ডিজিটেল সংবাদ, বেকাজানঃ এক শোকাকূল পৰিবেশত জয়ন্ত বৰাৰ আদ্যশ্ৰাদ্ধ। মাতৃ লীলা বৰা আৰু আইতাক ললেশ্বৰী কছাৰী বুকু শুদা কৰি সেনাৰ-আৰক্ষীৰ বৰ্বৰতাত মৃত্যুক সাৱটি লোৱা বৰহোলাৰ গাভৰু আলিৰ গাঁৱৰ জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে মঙলবাৰেও আদ্যশ্ৰাদ্ধৰ প্ৰাক মুহূৰ্তত জয়ন্ত বৰাক বৰ্বৰোচিতভাৱে হত্যা কৰাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ বিশিষ্ট অধিবক্তা তথা  মানৱাধিকাৰকৰ্মী অৰূপ বৰবৰাই 'অসমীয়া প্ৰতিদিনৰ' এই প্ৰতিবেদকক কয় যে- 'প্ৰফুল্ল কুমাৰ মহন্তৰ অগপ চৰকাৰৰ দিনত গুপ্তহত্যা, পৰৱৰ্তীকালত কংগ্ৰেছ চৰকাৰৰ দিনত যদি ভুৱা সংঘৰ্ষত অসমীয়া  নিৰপৰাধী ডেকাক হত্যা কৰা হৈছিল।

তেন্তে জয়ন্ত বৰাৰ চৰকাৰী হত্যাকাণ্ড বিজেপিৰ সোণোৱাল চৰকাৰৰ দিনত হোৱা মুক্তহত্যাৰ জল জল পটপট নিদৰ্শন । দৰাচলতে বিশ্বত তোলপাৰ লগোৱা জৰ্জ ফ্লৱেটক আমেৰিকান পুলিছে ৰাজপথত বৰ্বৰভাৱে হত্যা কৰাতকৈ কাৰ্যতকৈ অনেক গুণ অধিক নৃশংস আৰু বৰ্বৰ আছিল জয়ন্তৰ হত্যা । অৱশ্যে অসমত ইয়াৰ বিশেষ প্ৰতিবাদ নোহোৱাটো দুখৰ কথা ।' জ্যেষ্ঠ অধিবক্তা তথা মানৱাধিকাৰ কৰ্মী  অৰূপ বৰবৰাই আৰু কয় যে- যোৱা ১৮ জুনৰ দিনাই মই নিজে কিছু সতীৰ্থৰ লগত গৈ বৰহোলাস্থিত জয়ন্ত বৰাৰ ঘৰলৈ ঘটনাৰ চৰজমিন বুজ লৈছিলো ‌।

ইতিমধ্যে পিতৃহীন ২৫ বছৰীয়া জয়ন্তই সামান্য পঁজা এটাত মাক-ভণীয়েক আৰু আইতাক পোহপাল  দিছিল। ১৫ জুনৰ নিশা পুলিচ মিলিটাৰী দল এটাই নিশা ১২ বজাত ঘৰৰ পৰাই জয়ন্তক উঠাই লৈ  বৰহোলা আৰক্ষী থানাত অকথ্য শাৰীৰিক নিৰ্যাতন চলাই হত্যা কৰিছিল । তথাকথিত ইউনিফাইড কামাণ্ডৰ ব্যৱহাৰ এছ অ পি অৰ্থাৎ ষ্টেন্ডাৰ্ড অপেৰেটিং প্ৰছিজিঅ'ৰ মতে নিশা স্থানীয় গাঁওবুঢ়া লগত নিয়া নাছিল। পিছদিনা মৃতদেহ চমজি লোৱা পৰিয়াল আৰু গাঁৱৰ লোকে অৰ্ধনগ্ন জয়ন্তৰ সৰ্বশৰীৰত সুস্পষ্ট অনেক আঘাতৰ চিন দেখা বুলি মোক জনাইছিল। সোণোৱাল চৰকাৰে সংশ্লিষ্ট থানাৰ এছ ডি পি অ অ'চি আৰু এজন পুলিচ কৰ্মীক নিলম্বন কৰি এটা প্ৰশাসনিক তদন্ত ঘোষণাৰে দায়সৰা প্ৰচেষ্টা চলাইছে। সামান্য ধনৰাশী পৰিয়ালক প্ৰদান কৰিছে হেনো । প্ৰশ্ন হৈছে সংশ্লিষ্ট পুলিচৰ দলটোত প্ৰত্যেকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি আজিলৈকে কিয় আটক কৰা নাই ।

সেনা জোৱান কেইজনো সমানেই জগৰীয়া যদিও কোনো ব্যৱস্থা লোৱা নাই । প্ৰত্যেকক অচিৰেই আটক কৰিব লাগে । যিকোনো হত্যাকাৰী অপৰাধীৰ দৰে । এইখিনিতে গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে প্ৰায়বোৰ সংগঠনে আত্মসমৰ্পণ কৰি বড়োচুক্তি হোৱাৰ পাছত আৰু চৰকাৰীভাৱে বাৰম্বাৰ অসমত বিদ্ৰোহী কাৰ্যকলাপ নিয়ন্ত্ৰিত কৰা বুলি জহাই ফুৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনখন আজিও অসমত বলৱৎ কিয় কৰি থৈছে? ত্ৰিপুৰাত মানিক সৰকাৰৰ দিনতে সেইখনৰ প্ৰয়োগ কৰা বন্ধ হৈছে ।

প্ৰশাসনিক তদন্তৰ ওপৰত সৰ্বসাধাৰণৰ আস্থা কেতিয়াবাই নোহোৱা হৈছে । চৰকাৰে অচিৰেই এক ন্যায়িক তদন্ত ঘোষণা কৰিব লাগে । কেউজন ইউনিফৰ্ম পিন্ধা হত্যাকাৰীক আটক কৰি আইন মাফিক আদালতত হাজিৰ কৰাব লাগে । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in