বৰগোলাইত অচিনাক্ত মৃতদেহ উদ্ধাৰ…

বৰগোলাইত অচিনাক্ত মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাইৰ তেলখাত বস্তিৰ ৬ নং ৱাৰ্ডত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ ৷ তেলখাত বস্তি অন্তৰ্গত নামদাং নদীত এজন প্ৰায় ৪০ বছৰীয়া ব্যক্তিৰ মৃতদেহ উপঙি থকাৰ অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ৷ বৰগোলাই তেলখাত বস্তিৰ পানী পাম্পৰ সমীপৱৰ্তী নামদাং নদীৰ দলঙৰ তলত স্থানীয় কেইজনমান যুৱকে বাঁহ কাটিবলৈ যাওঁতে মৃতদেহটো প্ৰত্যক্ষ কৰে ৷

মৃতদেহটোৰ শৰীৰৰ ওপৰৰ অংশত নাছিল কোনো ধৰনৰ বস্ত্ৰ ৷ বৰ্তমানলৈকে মৃতদেহটোৰ কোনো পৰিচয় উলোৱা নাই ৷ মৃতদেহটোৰ শৰীৰলৈ চাই বহু দিন ধৰি পৰি থকাৰ সন্দেহ কৰিব পাৰি ৷ স্থানীয় ৰাইজে মাৰ্ঘেৰিটা আৰক্ষীক অৱগত কৰাত মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in