ধিক পাকিস্তান! সীমান্তত বিএছএফ জোৱানক ডিঙি ৰেপি নৃশংস হত্যা

ধিক পাকিস্তান! সীমান্তত বিএছএফ জোৱানক ডিঙি ৰেপি নৃশংস হত্যা

ডিজিটেল ডেস্কঃ ভাৰত-পাক সীমান্তত পাকিস্তানী ৰেঞ্জাৰে বিএছএফৰ এজন জোৱানক ডিঙিত ৰেপি হত্যা কৰে। মঙলবাৰে নিয়ন্ত্ৰণৰেখাৰ সমীপৰ ৰামগড় ছেক্টৰত সংঘটিত এই শিহৰণকাৰী ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

বিএছএফৰ সূত্ৰই সদৰী কৰা মতে নিয়ন্ত্ৰণৰেখাৰ সৈতে লাগি থকা ছাউনীৰ কাষতে ঘাঁহ কাটি থকা অৱস্থাত নৰেন্দ্ৰ কুমাৰ নামৰ জোৱানজনৰ ওপৰত জপিয়াই পৰে পাক ৰেঞ্জাৰ।

নৰেন্দ্ৰ কুমাৰক পাক ৰেঞ্জাৰে কৌশলৰে তেওঁলোকৰ কাষলৈ নি ডিঙিত ৰেপিয়েই ক্ষান্ত নাথাকি গুলীৰেও থকা-সৰকা কৰে। পাক সেনাৰ এনে নৃশংস আক্ৰমণত মৃত্যুক সাবটি লোৱা বিএছএফ জোৱানজন বহু সময় ধৰি ছাউনীলৈ ঘূৰি নহাত সতীৰ্থসকলে বিচাৰ-খোচাৰ আৰম্ভ কৰে।

সন্ধিয়াৰ ভাগলৈ কোনো সন্ধান নোপোৱাত নিয়ন্ত্ৰণৰেখাৰ সমীপলৈ গৈ সন্ধান চলাই সতীৰ্থসকলে। অৱশেষত ৬ঘণ্টাৰ অন্তত নিয়ন্ত্ৰণৰেখাৰ সমীপত ডিঙি কটা অৱস্থাত নৰেন্দ্ৰ কুমাৰৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। জোৱানজনৰ শৰীৰত তিনিটাকৈ গুলীৰ আঘাতৰ চিনো পোৱা গৈছে বুলি জনাইছে বিএছএফৰ শীৰ্ষ সূত্ৰই।

এই ঘটনাৰ পিছতে সীমান্তত বৃদ্ধি পাইছে তীব্ৰ উত্তেজনা। যুদ্ধ অবিহনেই এনে ধৰণৰ নিষ্ঠুৰ হত্যাৰ ঘটনা প্ৰথম বুলি উল্লেখ কৰি বিষয়টোক গুৰুত্ব সহকাৰে লৈছে দেশৰ বিদেশ মন্ত্ৰণালয়ে। ঘটনাটোৱে ইমৰাণ খান প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দুয়ো দেশৰ মাজত সু-সম্পৰ্ক গঢ়ি তুলিব বুলি যি আশাৰ ৰেঙণি দেখা গৈছিল তাত বিঘিনি ঘটোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও মত প্ৰকাশ কৰিছে ভিন্ন মহলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in