২০১৯ বৰ্ষৰ বিশ্বৰ সাহিত্য ক্ষেত্ৰৰ অন্যতম সন্মানীয় বঁটা বুকাৰ প্ৰাইজ ঘোষণা…

২০১৯ বৰ্ষৰ বিশ্বৰ সাহিত্য ক্ষেত্ৰৰ অন্যতম সন্মানীয় বঁটা বুকাৰ প্ৰাইজ ঘোষণা…
  • ২০১৯ বৰ্ষৰ বিশ্বৰ সাহিত্য ক্ষেত্ৰৰ অন্যতম সন্মানীয় বঁটা বুকাৰ প্ৰাইজ ঘোষণা।
  • কানাডাৰ মাৰ্গাৰেট এটউড আৰু বিট্ৰেইনৰ বাৰ্ণাৰ্ডিন এভাৰিষ্টোলৈ যুটীয়াভাৱে ২০১৯ বৰ্ষৰ বুকাৰ পুৰস্কাৰ আগবঢ়োৱা হৈছে।
  • ১৯৯২ চনৰ পিছত এই বৰ্ষ প্ৰথমবাৰৰ বাবে যুটীয়াভাৱে প্ৰদান কৰা হৈছে এই বঁটা।
  • বুকাৰ পেনেলে কোনো এগৰাকী বিজেতাক নিৰ্বাচন কৰিব নোৱাৰাত নিয়ম ভংগ কৰি যুটীয়াভাবে প্ৰদান কৰে এই পুৰস্কাৰ।
  • এটউডে নিজৰ গ্ৰন্থ 'দ্য হেণ্ডমেডছ টেল'ৰ ছিকুৱেল 'দ্য টেষ্টামেণ্টছ'ৰ বাবে এই পুৰস্কাৰ লাভ কৰিছে।
  • আনহাতে এভাৰিষ্টোই উপন্যাস 'গাৰ্ল, অ'মেন, আদাৰ'ৰ বাবে লাভ কৰে সন্মানীয় বুকাৰ পুৰস্কাৰ।
  • উল্লেখ্য যে, বুকাৰ প্ৰাইজ লাভ কৰা বাৰ্ণাৰ্ডিন এভাৰিষ্টো হৈছে এই সন্মান লাভ কৰা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in