নলবাৰী জিলা সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী সভা…

নলবাৰী জিলা সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী সভা…

ডিজিটেল সংবাদ,নলবাৰী : নলবাৰী জিলা সাহিত্য সভাৰ সভাঘৰত ১৮ অক্টোবৰত মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ সভাপতি তথা বিহামপুৰ উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপামণি গোস্বামীৰদ্বাৰা ৰচিত মহাভাৰতৰ সাধু, আকস্মিক বক্তৃতা আৰু ৰাজকন্যা আৰু ৰাক্ষস কোঁৱৰ নামৰ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয় ।

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ সহযোগত আয়োজিত এই অনুষ্ঠানত আকস্মিক বক্তৃতা নামৰ গ্ৰন্থখনি উন্মোচন কৰি দিয়া ভাষণত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতাই কয় যে গ্ৰন্থই মানুহৰ হৃদয় মুকলি কৰে । গ্ৰন্থৰ সুৱাসে মানুহক আনন্দ দিয়ে আৰু এনে সুৱাসে মানুহক আগুৱাই লৈ যায় । জ্ঞানপীঠ ডিগ্ৰী কলেজৰ অধ্যাপক ডঃ অনুপম কলিতাই মহাভাৰতৰ সাধু নামৰ আন এখনি গ্ৰন্থ উন্মোচন কৰি কয় যে গ্ৰন্থ ৰচনা আৰু উন্মোচনৰ এনে অনুষ্ঠানে ৰচয়িতাক পঢ়ুৱৈৰ সৈতে সহজতে চিনাকি কৰায় আৰু গ্ৰন্থকাৰ সকলোৰে সৈতে মিলি যায় ।

ৰাজকন্যা আৰু ৰাক্ষস কোঁৱৰ নামৰ গ্ৰন্থখনি উন্মোচন কৰি জনপ্ৰিয় কবি অজিত ৰাজবংশীয়ে শিশুসকলৰ মনস্তাত্বিক দিশক শক্তিশালী কৰিবলৈ যিমান পাৰি সাধুকথা শুনাবলৈ আৰু পঢ়ুৱাবলৈ আব্বান জনাই সম্প্ৰতি ডিজিটেলৰ মোহাচ্ছন্নৰপৰা শিশু, কিশোৰক আঁতৰোৱাৰ একমাত্ৰ ব্যৱস্থা সাধুকথা বুলি মন্তব্য কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই সভাখনত পৌৰোহিত্য কৰি দিয়া ভাষণত কয় যে গ্ৰন্থৰ জৰিয়তে আমি একোখন নতুন জগত পাওঁ । এই জগতে আমাক পুনৰ নতুনৰ সন্ধান কৰিবলৈ উৎসাহ যোগায় । নলবাৰী জিলা সাহিত্য সভাই লেখক– লেখিকাসকলক পোহৰৰ বাটলৈ উলিয়াই আনি সাহিত্য সৃষ্টি, সাহিত্যৰ প্ৰচাৰ, প্ৰসাৰ আৰু অধ্যয়নত গুৰুত্ব আৰোপ কৰি আহিছে বুলি উল্লেখ কৰি নান্দনিক উৎসৱ সদৃশ গ্ৰন্থ উন্মোচনী সভালৈ সাহিত্যানুৰাগী সকলোকে আদৰণি জনাই সভাৰ উদ্দেশ্য ব্যাখ্যা আগ বঢ়ায় নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই ।

মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ সম্পাদক কবিতা ডেকা তালুকদাৰ আৰু নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক শ্বাহ আলম আহমেদে আঁত ধৰা সভাখন চিৰ চেনেহী মোৰ ভাষা জননী বৃন্দ গীতেৰে আৰম্ভ কৰা হয় । কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী অভিজিৎ শৰ্মাই বৰগীত, সাহিত্যসেৱী প্ৰণীতা হালৈৱে লোকগীত পৰিৱেশন আৰু নিৱেদিতা ডিম্পলে কবিতা পাঠ কৰা এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মাখিবাহা শাখা সাহিত্য সভাৰ সভাপতি হৰিশচন্দ্ৰ বৈশ্য আৰু গুৱাকুছি শাখা সাহিত্য সভাৰ সম্পাদক ৰিয়াজ উদ্দিন আহমেদে । সভাত গ্ৰন্থ তিনিখনৰ লেখিকা–শিক্ষাব্ৰতী দীপামণি গোস্বামীয়েও গ্ৰন্থ ৰচনাৰ আঁৰৰ বিষয়ে বিৱৰি কয় । অসম সংগীত পৰিৱেশনৰ পাছত গ্ৰন্থ উন্মোচনী সভাৰ সামৰণি ঘোষণা কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in