শেহতীয়া খবৰ
ৰঞ্জন গগৈৰ উত্তৰাধিকাৰী, দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডে কোন…  •  সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে... চাওঁক VIDEO  •  দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই, চাওক VIDEO  •  অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা, দলঙৰ তলত উদ্ধাৰ মৃতদেহ...  •  পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ

দেওবাৰে গ্ৰন্থমেলাৰ প্ৰাংগনত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ উদ্যোগত বিশেষ অন্তৰংগ আলাপ অনুষ্ঠান…

226

ডিজিটেল ডেস্কঃ ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাত থকা সাদিন-প্ৰতিদিন গোষ্ঠীৰ বিপনী ‘আলাপ’ত অন্তৰংগ আলাপ আৰু ব্যতিক্ৰম বিষয়ক মত-বিনিময় অনুষ্ঠান যোৱা কেইদিনত অনুষ্ঠিত হৈ আহিছে। দেওবাৰ অৰ্থাৎ ১০ নবেম্বৰতো বিয়লি ৩ বজাত আলাপত আয়োজন কৰা হৈছে আন এক অন্তৰংগ আলাপ তথা মত-বিনিময় অনুষ্ঠান।

সাম্প্ৰতিক সময়ত ডিজিটেল মাধ্যমৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ তথা সম্ভাৱনা সন্দৰ্ভত অনুষ্ঠিত হ’ব লগা এই অন্তৰংগ আলাপত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। ছ’চিয়েল মিডিয়া, ডিজিটেল সংবাদমাধ্যম, ইলেক্ট্ৰনিক সংবাদমাধ্যম আৰু ছপা মাধ্যমৰ প্ৰতিনিধিয়ে অংশ ল’ব লগা এই অনুষ্ঠানত মত-বিনিময় কৰিব পাৰিব সকলোৱে।

সেয়েহে উত্তৰ-পূব গ্ৰন্থমেলাস্থলীত থকা সাদিন-প্ৰতিদিন গোষ্ঠীৰ ‘আলাপ’ বিপনীত আয়োজিত এই অন্তৰংগ আলাপত অংশ ল’বলৈ লেখক, পাঠক, সাংবাদিক তথা নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ লগতে চিন্তাশীল মহলক অনুৰোধ জনোৱা হৈছে। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ উদ্যোগত অনুষ্ঠিত হ’ব এই বিশেষ অন্তৰংগ আলাপ অনুষ্ঠান।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি