হৰিশিঙা ৰেল বিস্ফোৰণ কাণ্ডৰ খলনায়ক আৰক্ষীৰ জালত! অভিযুক্তক লগত লৈ আৰক্ষীৰ অভিযান

হৰিশিঙা ৰেল বিস্ফোৰণ কাণ্ডৰ খলনায়ক আৰক্ষীৰ জালত! অভিযুক্তক লগত লৈ আৰক্ষীৰ অভিযান

ডিজিটেল সংবাদ, ওদালগুৰিঃ হৰিশিঙাৰ চলন্ত ৰেলত বিস্ফোৰণৰ সৈতে জৰিত থকাৰ কথা স্বীকাৰ কৰি দুদিন পূৰ্ৱে আৰক্ষীৰ জালত পৰে বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ এজন যুৱক। উল্লেখ্য যে, বিগত ১ ডিচেম্বৰৰ সন্ধিয়া ৬.৪৫ বজাত কামাখ্যা ষ্টেচনৰ পৰা ডেকাৰগাঁও অভিমুখে আহি থকা ১৫৮১৫ নম্বৰৰ ইন্টাৰছিটি এক্সপ্ৰেছত এটা প্ৰচণ্ড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। এই বিস্ফোৰণৰ ফলত দুগৰাকী মহিলাকে ধৰি চাৰিজন লোক আহত হৈছিল।

এই বিস্ফোৰণৰ ঘটনাই সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কামাখ্যাৰ পৰা ডেকাৰগাঁও অভিমুখে আহি থকা ইণ্টাৰচিটি ৰেলখন হৰিশিঙা ৰেল ষ্টেচন আহি পোৱাৰ পূৰ্বে কঠালগুৰিত ১৫৪৬৬ নম্বৰৰ চতুৰ্থটো ডবাত বিস্ফোৰণটো সংঘটিত হৈছিল। বিস্ফোৰণৰ ফলত আহত হৈছিল কেইবাজনো লোক। এই বিস্ফোৰণৰ ঘটনাই সমগ্ৰ আৰক্ষী বিভাগৰ ভিতৰচ'ৰাত জোকাৰণিৰ সৃষ্টি কৰা দেখা গৈছিল।

ঘটনাটো সূক্ষ্মভাৱে পৰ্যালোচনা কৰিছিল ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰাজৱীৰ সিঙৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱে। ঘটনা সন্দৰ্ভত গোৰেশ্বৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৭ নম্বৰ ধাৰাৰ অধীনত ১৪১/১৮ নম্বৰত এক গোচৰ ৰুজু হোৱাৰ লগতে ৰঙাপাৰা ৰেল আৰক্ষী থানাত ১৬/১৮, ইউ এছ-৩ নম্বৰৰ এক গোচৰ ৰুজু হৈছিল। উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত বাগডুবা নাৰামাৰী চুৱা গাঁৱৰ পিতৃ ললিত বড়োৰ পুত্ৰ বিনোদ বড়ো (৩০)ক গোৰেশ্বৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পাছত ৰঙাপাৰা ৰেল আৰক্ষীয়ে সোমবাৰে ধৃত বিনোদ বড়োক ওদালগুৰি আৰক্ষীৰ হাতত অৰ্পন কৰে। ইফালে আৰক্ষীৰ শীৰ্ষ সূত্ৰ‌ই সাংবাদিকক জানিবলৈ দিয়া মতে, ধৃত বড়োই তিনিটা বোমা প্ৰস্তুত কৰিছিল। ইয়াৰে প্ৰথম বোমাটো জংঘলত বিস্ফোৰণ কৰাৰ পাছত দ্বিতীয়টো বোমা উক্ত ইণ্টাৰচিটী ৰেলত সংস্থাপন কৰি বিস্ফোৰিত কৰিছিল। তৃতীয়টো বোমা গোৰেশ্বৰৰ কাশ্যপ বড়ো নামৰ লোক এজনৰ বাসগৃহৰ পিছফালে সংস্থাপন কৰিছিল যদিও আৰক্ষীয়ে খবৰ লাভ কৰি বোমাটো নিষ্ক্ৰিয় কৰাৰ লগতে বিনোদ বড়োক গ্ৰেপ্তাৰ কৰে।

কিন্তু ধৃত বড়োক এইমুহূৰ্তলৈ সাংবাদিকৰ আগত মুখ খোলাৰ পৰা বিৰত ৰাখিছে আৰক্ষীয়ে। তেওঁ বি এফ ডি এন নামৰ এক নতুন অখ্যাত সংগঠনৰ নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰি ধনদাবী আৰম্ভ কৰিবলৈ লোৱা বুলি আৰক্ষীয়ে দাবী কৰিছে। আনহাতে বিগত দুদিন পূৰ্ৱে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিনোদ বড়োক সোমবাৰে ওদালগুৰি সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰা দেখা নগ'ল।

এক নিৰ্ভৰযোগ্য সূত্ৰ‌ই সাংবাদিকক জানিবলৈ দিয়া মতে নিশা বিনোদ বড়োক ওদালগুৰি আৰক্ষী থানাত ৰাখি পুৱা লৈ যোৱা হয় ৰঙিয়াস্থিত ৰেল আৰক্ষী থানালৈ। উক্ত থানাত ৰেল আৰক্ষীয়ে বড়োক জেৰা চলোৱাৰ সন্দেহ কৰা হৈছে যদিও আৰক্ষীৰ সূত্ৰ‌ই কোনো তথ্য প্ৰকাশ কৰা নাই৷ নিশা তেওঁক পুনৰ ওদালগুৰি আৰক্ষী থানাত ৰাখি মঙলবাৰে ওদালগুৰি আদালতত হাজিৰ কৰা হ'ব বুলি ওদালগুৰি আৰক্ষীৰ এক সূত্ৰ‌ই সাংবাদিকক জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in